বৃহস্পতিবাৰে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰিভ্ৰমণ কৰে। চিকিৎসালয়খনৰ আন্তঃগাথনি দিশৰ বুজ লোৱাৰ লগতে পৰিস্কাৰ পৰিছন্নতা, খোৱাপানী সুবিধা, ৰোগীৰ বাবে পৰ্য্যাপ্ত ঔষধ মজুত আছে নে নাই সেই সমূহৰ বিষয়ে উপায়ুক্ত গৰাকীয়ে বুজ লয়।
পৰিদৰ্শনৰ পিছতেই উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগৰ জিলা সমিতিয়ে আয়োজন কৰা এখন সভাত অংশ গ্ৰহণ কৰে। সভাত উপায়ুক্ত গৰাকীয়ে চিকিৎসালয়খনৰ কাম কাজৰ পৰ্য্যালোচনা কৰাৰ লগতে চিকিৎসাধীন ৰোগী সকলক চৰকাৰী আঁচনিসমুহৰ সুবিধা দিয়া হৈছে নে নাই আৰু চৰকাৰী সেৱা সমুহৰ সুবিধা লবলৈ ৰাইজক অৱগত কৰি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ চিকিৎসালয় খনৰ বিষয়া কৰ্মচাৰী সকলক আহ্বান জনায়।
আনহাতে চিকিৎসালয়খনৰ ৰোগী আৰু চিকিৎসা কৰ্মীৰ নিৰাপত্তা আদি দিশ সম্পৰ্কেও বিস্তৃত ৰূপত আলোচনা কৰে।
ইয়াৰ উপৰি চিকিৎসালয় খন পৰিস্কাৰ-পৰিচ্ছনতা তথা ৰোগীসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা দেখুওৱাৰ বাবে বহু কেইজন চফাই কৰ্মচাৰীক নগদ ধনেৰে পুৰস্কাৰ প্ৰদান কৰে আৰু ভৱিষ্যতে যাতে এনেদৰে কৰ্মৰ ক্ষেত্ৰত সেৱাৰ মনোভাৱেৰে আগবাঢ়ে তাৰ বাবে আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে।