NORTHEAST NOW (Assamese)

শিৱসাগৰত অসম আন্দোলনৰ চহিদলৈ বন্তি প্ৰজ্বলনেৰে আছুৰ শ্ৰদ্ধাঞ্জলি

February 14, 2019 8:47 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: February 14, 2019 8:51 pm

শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি সন্ধিয়া ৫ বজাত নগৰখনৰ মাজমজিয়াস্থিত টেম্পল ৰোডৰ বৰাট জুৱেলাৰীৰ সন্মুখত অসম আন্দোলনৰ চহিদলৈ শ্ৰদ্ধাঞ্জলি জনায় বন্তি প্ৰজ্বলন কৰে। এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত আছুৰ শতাধিক কৰ্মীৰ লগতে বহু গণ্যমান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

এই অনুষ্ঠানতে অসম আন্দোলনৰ চহিদৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত হোৱা আন্দোলনত অংশ গ্ৰহণ কৰি আহত হোৱা অসম তথা উত্তৰপূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰে।

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশ গ্ৰহণ কৰি আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই কয় যে অসম আন্দোলনৰ ৮৫৫ জন চহিদৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিক অশ্ৰাদ্ধ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰাদানৰ বাবে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল।

লগতে তেওঁ বিজেপিৰ এই জাতিদ্ৰোহী কাৰ্যৰ বিৰুদ্ধে সৰব আন্দোলনত জঁপিয়াই পৰি চৰকাৰী পক্ষৰ নিৰ্যাতনৰ সন্মুখীন হোৱা আহতসকলৰ আশু আৰোগ্য কামনা কৰি ৰাজ্য সভাত এই বিল উত্থাপন কৰিব নোৱাৰাটো খিলঞ্জীয়া ৰাইজৰ জয় বুলি মন্তব্য কৰে।

শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনেও বক্তব্য আগবঢ়াই। ইয়াৰ পিছতেই ধৰ্মপৰায়ণ ব্যক্তি বিষ্ণু আতৈয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

Related News