শিৱসাগৰত মছজিদ পৰিচালনা সমিতিৰে জিলা উপায়ুক্তৰ বৈঠক

ঈদৰ নামাজ নিজ গৃহতে পঢ়াৰ আহ্বান; ঈদৰ দিনাও বাহন চলাচলত যুগ্ম অযুগ্ম নীতি বাহাল থাকিব

IMG-20200523-WA0012

সাম্প্ৰতিক সময়ত বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কোভিড-১৯ বা ক’ৰ’না  ভাইৰাছ ৰোগৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত আগন্তুক ঈদ-ঊল-ফিটৰ উদযাপনৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক নীতি-নিৰ্দেশনা জাৰি কৰি সমুহ ইছলামধৰ্মী ৰাইজক এই সমূহ নীতি-নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাইছে।

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈৰ অধ্যক্ষতাত তথা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ উপস্থিতিত জিলাখনৰ মছজিদ পৰিচালনা সমিতি সমূহৰ বিষয়-ববীয়া সকলৰ লগত আজি উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাৰ আৰম্ভণিতে জিলা উপায়ুক্তই সমুহ ইছলামধৰ্মী ৰাইজৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী শিৱসাগৰবাসীলৈ শান্তি আৰু সমন্বয়ৰ উৎসৱ ঈদ-ঊল-ফিটৰৰ ওলগ আৰু শুভেচ্ছা জনোৱাৰ লগতে অনাড়ম্বৰপূৰ্ণভাৱে পবিত্ৰ ঈদ উদযাপন কৰিবলৈ সমূহ ইছলামধৰ্মী ৰাইজক আহ্বান জনায়।

পৱিত্ৰ ঈদ-ঊল-ফিটৰ উদযাপনৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত ঈদগাহত বা ৰাজহুৱা স্থানত সামুহিক নামাজ পঢ়াৰ বিপৰীতে সকলোৱে নিজ নিজ ঘৰতে ঈদৰ নামাজ পঢ়ি সকলোৱে হেঁপাহৰ পবিত্ৰ উৎসৱটি পালন কৰিবলৈও তেওঁ আহ্বান জনায়।

ঈদৰ দিনা কোনো বাহন ব্যৱহাৰ কৰি ধৰ্মীয় সমদল ওলোৱাৰ পৰা বিৰত থাকিবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।

জিলাখনত ব্যক্তিগত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা যুগ্ম-অযুগ্ম নীতি ঈদৰ দিনাখনো বাহাল থাকিব।

দেশত যিহেতু মাৰাত্মক ক’ৰ’না ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সেয়ে সামাজিক সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ সমূহ ৰাইজক আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে।

কোনো লোকে যদি এই নীতি-নিৰ্দেশনা সমূহ উলংঘন কৰে, সেই ক্ষেত্ৰত ৰাইজৰ বৃহত্তৰ স্বাৰ্থত তেনে লোকৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে।

সভাত উপস্থিত থকা জিলাখনৰ মছজিদ পৰিচালনা সমিতি সমূহৰ বিষয়-ববীয়া সকলৰ লগতে শিৱসাগৰ জিলা মছজিদ সমন্বয়ৰক্ষী সমিতিয়েও জিলা প্ৰশাসনে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনায় আৰু ঈদ উদযাপন সন্দৰ্ভত প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা সন্দৰ্ভত ৰাইজৰ  মাজত সজাগতা বৃদ্ধিৰো আশ্বাস প্ৰদান কৰে।

সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, অতিৰিক্ত উপায়ুক্ত বিদিত দাস, শিৱসাগৰ আৰু আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয় ক্ৰমে মনোৰমা মৰাং আৰু ঋতুৰাজ বৰদলৈ উপস্থিত থাকে।