NORTHEAST NOW (Assamese)

দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ শিৱসাগৰ জিলা উপায়ুক্তৰ

April 27, 2020 7:27 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: April 27, 2020 7:30 pm
সমগ্র বিশ্বতে ত্রাসৰ সৃষ্টি কৰা কোভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সম্প্ৰতি চলি থকা ল’কডাউনৰ সময়ছোৱাত শিৱসাগৰ নগৰৰ অভাৱগ্ৰস্ত দুখীয়া-দিন হাজিৰা কৰা লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে।
জিলা উপায়ুক্তৰ লগতে জিলা প্ৰশাসন তথা কিছু বিভাগীয় বিষয়া সকলৰ আৰ্থিক সহযোগিতাৰ জৰিয়তে আজি স্থানীয় ঠানুৰাম গগৈ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত শিৱসাগৰ নগৰৰ ১১ আৰু ১৩ নং ৱাৰ্ডৰ মুঠ ৭৮ গৰাকী দুখীয়া লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰণ কৰা হয়।
একেদৰে স্থানীয় আমোলাপট্টি অঞ্চলত  নগৰখনৰ ৯ নং ৱাৰ্ডৰ মুঠ ৩৮ গৰাকী দৰিদ্ৰ লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰণ কৰা হয়।
জিলা উপায়ুক্তৰ সৈতে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰণ কৰে জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, অতিৰিক্ত উপায়ুক্ত বিদিত দাস আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্ৰক প্ৰাণজিত দত্তই।
অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী সমূহ বিতৰণ কালত নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰা হয়।
ল’কডাউনৰ সময়ছোৱাত অভাৱগ্ৰস্ত লোকসকলে খাদ্য সামগ্ৰীসমূহ লাভ কৰি উৎফুল্লিত হয় আৰু উপায়ুক্ত গৰাকীৰ এই প্ৰচেষ্টাক আন্তৰিকতাৰে শলাগ লয়।
জিলা উপায়ুক্তই তেওঁৰ এই প্ৰচেষ্টা প্ৰয়োজন সাপেক্ষে অব্যাহত ৰখাৰ বাবে চেষ্টা কৰিব বুলি উল্লেখ কৰে।

Related News