আমেৰিকাৰ ভাৰতীয় মূলৰ চিকিৎসক সংস্থা(এ এ পি আই)ৰ সভাপতি ড০ সুৰেশ ৰেড্ডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছত আক্ৰান্ত সকলক সেৱা আগবঢ়াই অহা চিকিৎসক সকলৰ প্ৰতি সাত গৰাকী চিকিৎসকৰ ভিতৰত এগৰাকী ভাৰতীয় চিকিৎসক বুলি মন্তব্য কৰে।
‘’আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে সৈনিক হিচাপে যুদ্ধ কৰি অহা প্ৰতি সাত গৰাকী চিকিৎসকৰ এগৰাকী ভাৰতীয় চিকিৎসক,’’ ৰেড্ডীয়ে কয়।
আনহাতে, আমেৰিকা চৰকাৰেও ভাৰতীয় চিকিৎসক সকল আৰু চিকিৎসাকৰ্মীসকলে কৰি অহা কামৰ মুকলি প্ৰশংসা কৰিছে।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে এগৰাকী ভাৰতীয় মূলৰ চিকিৎসকক বহু সংখ্যক আমেৰিকান নাগৰিকে নিজৰ ঘৰৰ সন্মুখত সন্মান প্ৰদৰ্শন কৰাৰ দৃশ্য ছ’চিয়েল মিডায়াত ভাইৰেল হৈ পৰিছিল।
আমেৰিকাত যুক্তৰাষ্ট্ৰত বৰ্তমানলৈ প্ৰায় ১০ লাখ লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫০,০০০ অধিক লোক ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।
আমেৰিকাৰ নিউয়ৰ্ক চহৰতে ৩ লাখতকৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ বাবে চীন আৰু ৰাষ্ট্ৰসংঘক দোষাৰোপ কৰি আহিছে।