“শিৱসাগৰ জিলা গাহৰি পালক সন্থা” গঠন

Sivasagar Jila Gahori Palok Sontha formed

আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংহাৰৰ মাজতে শিৱসাগৰৰ গাহৰিপালকসকলে মঙলবাৰে “শিৱসাগৰ জিলা গাহৰি পালক সন্থা” গঠন কৰিছে।

শিৱসাগৰ জিলা পশু চিকিৎসালয় পেক্ষাগৃহত সমগ্ৰ জিলাৰ গাহৰি পালকসকল একত্ৰিত হৈ এখন ৰাজহুৱা সজাগতা সভাৰ লগতে জিলাভিত্তিত এখনি প্ৰতিনিধি সভা অনুষ্ঠিত কৰে।

পশুপালক তথা যুৱ ব্যৱসায়ী নৃপেন চেতিয়াই সভাপতিত্ব কৰা উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে  পশুপালক পদুম গিৰিয়ে।

সভাত বিশিষ্ট অতিথি হিচাপে শিৱসাগৰ জিলা পশু চিকিৎসালয় বিষয়া ডা: এ. কেশৰী উপস্থিতি থাকে।

ডা: এ. কেশৰীয়ে গাহৰিপালকসকলৰ সৈতে বৰ্তমান পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে।

লগতে তেওঁ গাহৰি পালকসকলৰ সমস্যা তথা অসুবিধাৰ হোৱাৰ সকলো কথা বুজ লয় আৰু গাহৰি পালকসকলক যথোপযুক্ত সঁহাৰি জনায়।

এই সজাগতা সভাৰ শেষত জিলা প্ৰতিনিধি সভাত উপস্থিত পালক সকলে “শিৱসাগৰ জিলা গাহৰি পালক সন্থা” নামেৰে এটি প্ৰস্তাৱ লয় আৰু শিৱসাগৰ জিলাভিত্তিত এখন পূৰ্ণাংগৰূপে জিলা সমিতি গঠন কৰে।

শিৱসাগৰৰ জিলাৰ সকলো সমষ্টিৰ পৰা সাধাৰণ গাহৰি পালকসকলৰ পৰা আৰম্ভ কৰি চিকিৎসক, চাহ বাগানৰ প্ৰাক্তন মেনেজাৰ, প্ৰাক্তন বেংকৰ বিষয়া, দল-সংগঠনৰ বিষয়-ববীয়া, বহু উচ্চ ডিগ্ৰীধাৰী যুৱক, বিভিন্ন বিভাগৰ সৈতে জড়িত ব্যক্তিক লৈ এই সমিতিখন গঠন কৰা হৈছে।

উল্লেখিত সকলো একো একোজন বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰা পালক। কাৰোবাৰ যদি এটা গাহৰি আছে কাৰোবাৰ ৩০০-৪০০লৈকে আছে।

কিন্তু বৰ্তমান আফ্ৰিকান ছোৱাইন ফিভাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলো এইদৰে একত্ৰিত হৈ হাতত হাত থৈ আগুৱাই যোৱাৰ এক সু-পৰিকল্পনা কৰিছে।

লগতে নতুনকৈ গঠন হোৱা সংগঠনটোৱে অসম চৰকাৰ তথা জিলা প্ৰশাসনৰ আগত বহুকেইটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰা কথা উল্লেখ কৰে।

“শিৱসাগৰ জিলা গাহৰি পালক সন্থা”ৰ উপদেষ্টা হিচাপে শিৱসাগৰ জিলা পশু চিকিৎসালয় বিষয়া ডাঃ বিশ্বনাথ গগৈ, ডা: পিংকু বৰা, ডা: শান্তনু চাংমাই, মহেন্দ্ৰ নাথ দুৱৰাক দায়িত্ব আগবঢ়োৱা হৈছে।

লগতে সভাপতি হিচাপে নৃপেন চেতিয়া, সম্পাদক হেমকান্ত গগৈ, সাংগঠনিক সম্পাদক হিচাপে ধ্ৰুৱজ্যোতি বৰুৱা আৰু মাধুৰ্য্য খঙীয়াকে ধৰি বহু পশুপালকক লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে।