NORTHEAST NOW (Assamese)

স্বচ্ছ ভাৰত মিচনৰ অধীনত শিৱসাগৰত স্বচ্ছতা অভিযান

February 15, 2019 5:55 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: February 15, 2019 5:56 pm

শুকুৰবাৰে শিৱসাগৰ পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত মিচন আৰবানৰ অধীনত নগৰখনত এক চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

পৌৰসভাক এই কাৰ্যসূচীত সহযোগ কৰে চি আৰ পি এফ ৰ ১৪৭ নং বেটেলিয়ান, পৌৰসভাৰ অনাময় আঁচনিৰ কৰ্মীসকল,  ডে এন ইউ এল এফৰ কৰ্মীসকলৰ লগতে নগৰখনৰ বহুকেইটা আত্মসহায়ক গোটে। শিৱসাগৰ নগৰৰ ১৪ টা ৱাৰ্ডৰ বিভিন্ন স্থানত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰি জনসাধাৰণৰ মাজত স্বচ্ছতাৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰে।

ঐতিহাসিক শিৱসাগৰ পুখুৰী পৰাৰ পৰা আৰম্ভ কৰা এই চাফাই কাৰ্যসূচী শিৱদ’ল চৌহদ, পুৰণা পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, শিৱসাগৰ সদৰ আৰক্ষী চকী,  থানামুখৰ শান্তিবন শ্মশান, বহুকেইটা ৰাস্তা-ঘাট, বিদ্যালয় আদিত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰোপৰি নগৰৰ প্ৰতিটো ৱাৰ্ডত স্বচ্ছতাৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন কৰে পৌৰসভাই।

আজিৰ এই চাফাই কাৰ্যসূচীত শিৱসাগৰ জিলা পৌৰসভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিংহ, চি আৰ পি এফ ৰ ১৪৭ নং, বেটেলিয়ানৰ কামাণ্ডেন্ট জেকব ভি টাচিং, পৌৰসভাৰ কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে, চিটি প্ৰজেক্ট বিষয়া মৃদুল কুমাৰ নাথ উপস্থিত থাকে।

Related News