• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনৰ টিকট বিচাৰি ৰাজীৱ ভৱনত ভিৰ; গুৱাহাটীত ববিতা শৰ্মা আৰু ৰমেন বৰঠাকুৰৰ আৱেদন দাখিল

বৰপেটাৰ পৰা টিকট বিচাৰিছে কমল কুমাৰ মেধিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 15, 2019 3:42 pm
Bobeeta_Rajen Borthakur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী কেইবাজনো কংগ্ৰেছ নেতাই আজি ৰাজীৱ ভৱনলৈ গৈ টিকট বিচাৰি নিজৰ নিজৰ আৱেদন দাখিল কৰিছে। গুৱাহাটী, বৰপেটা, তেজপুৰ, লখিমপুৰ, ধুবুৰী আদি কেইবাটাও সমষ্টিৰ পৰা আজি প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে টিকট বিচাৰে।

দলটোৰ বাবে আটাইতকৈ প্ৰত্যাহ্বান ভৰা সমষ্টি গুৱাহাটীত টিকট বিচাৰি আৱেদন জনালে দলটোৰ এগৰাকী আগশাৰীৰ নেত্ৰী ববিতা শৰ্মা আৰু জ্যেষ্ঠ নেতা তথা দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক, জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে। আজি দুয়োজনে ৰাজীৱ ভনত নিজৰ নিজৰ আৱেদন দাখিল কৰে।

Apply Now

ৰাজীৱ ভৱনৰ পৰা ওলাই আহিয়ে সংবাদ মাধ্যমৰ আগত ববিতা শৰ্মাই তেওঁক দলে টিকট দিয়াৰ ক্ষেত্ৰত আশাবাদী বুলি কৈ কয়, মহিলা হিচাপে তেওঁক দলে অগ্ৰাধিকাৰ দিব। সমষ্টিটোৰ বৰ্তমানৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ পৰা ৰাইজে কি পালে সেই প্ৰশ্ন উঠাবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

ইপিনে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰয়াসী জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে আৱেদন দাখিল কৰিবলৈ লগত লৈ আহে য়ুনিফ’ৰ্ম পৰিহিত ছাত্ৰ-ছাত্ৰীৰ এটা দল। ছাত্ৰ-ছাত্ৰীসকল তেওঁৰ পিছে পিছে শ্ল’গান দি সমদলত যোৱাটো আছিল অত্যন্ত দৃষ্টিকটু।

বৰঠাকুৰে সমষ্টিটোত তেওঁৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত মন্ত্ৰী হিমন্ত বিশ্বক কামনা কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। জালুকবাৰী সমষ্টিত বিজেপিৰ পৰা এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি ওলোৱা খবৰৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত তেওঁ এইদৰে কয়।

নিজৰ ৰাজনৈতিক দক্ষতাৰ নমুনা দাঙি ধৰি যোৱা পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত দায়িত্বত থাকি ৩০টা সমষ্টিত কংগ্ৰেছৰ সপক্ষে ভোট আদায় কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰে বৰঠাকুৰে।

আনহাতে বৰপেটাৰ পৰা যোৱা বছৰ দলটোত যোগদান কৰা কমল কুমাৰ মেধিয়ে টিকট বিচাৰিছে। তেওঁৰ উপৰি কোচ ৰাজবংশীসকলৰ প্ৰতিনিধি বিশ্বজিৎ ৰায় আৰু প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানেও প্ৰাৰ্থিত্ব বিচাৰি আৱেদন জনাইছে।

তেজপুৰত টিকট বিচাৰিছে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পাৰ্থপ্ৰতিম বৰাই। যদিও মাত্ৰ এসপ্তাহ পূৰ্বে কংগ্ৰেছত যোগদান কৰা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু তেজপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰয়াসী বুলি চৰ্চা হৈ আছে, এই পৰ্য্যন্ত তেনে কোনো অগ্ৰগতি চকুত পৰা নাই ভানুৰ ক্ষেত্ৰত।

ধুবুৰীৰ পৰা টিকট বিচাৰিছে দক্ষিণ শালমৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু অসম প্ৰদেশ কংগ্ৰেছৰ লোকসংযোগ বিভাগৰ সাধাৰণ সম্পাদক আশ্ৰাফুল ইচলামে।

লখিমপুৰৰ পৰা টিকট বিচাৰি আৱেদন জনাইছে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জয়প্ৰকাশ দাসে।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ টিকট বিচৰি আৱেদন কৰাৰ আজি দ্বিতীয় দিন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd