DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনৰ টিকট বিচাৰি ৰাজীৱ ভৱনত ভিৰ; গুৱাহাটীত ববিতা শৰ্মা আৰু ৰমেন বৰঠাকুৰৰ আৱেদন দাখিল

বৰপেটাৰ পৰা টিকট বিচাৰিছে কমল কুমাৰ মেধিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 15, 2019 3:42 pm
Bobeeta_Rajen Borthakur
1.2k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী কেইবাজনো কংগ্ৰেছ নেতাই আজি ৰাজীৱ ভৱনলৈ গৈ টিকট বিচাৰি নিজৰ নিজৰ আৱেদন দাখিল কৰিছে। গুৱাহাটী, বৰপেটা, তেজপুৰ, লখিমপুৰ, ধুবুৰী আদি কেইবাটাও সমষ্টিৰ পৰা আজি প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে টিকট বিচাৰে।

দলটোৰ বাবে আটাইতকৈ প্ৰত্যাহ্বান ভৰা সমষ্টি গুৱাহাটীত টিকট বিচাৰি আৱেদন জনালে দলটোৰ এগৰাকী আগশাৰীৰ নেত্ৰী ববিতা শৰ্মা আৰু জ্যেষ্ঠ নেতা তথা দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক, জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে। আজি দুয়োজনে ৰাজীৱ ভনত নিজৰ নিজৰ আৱেদন দাখিল কৰে।

ৰাজীৱ ভৱনৰ পৰা ওলাই আহিয়ে সংবাদ মাধ্যমৰ আগত ববিতা শৰ্মাই তেওঁক দলে টিকট দিয়াৰ ক্ষেত্ৰত আশাবাদী বুলি কৈ কয়, মহিলা হিচাপে তেওঁক দলে অগ্ৰাধিকাৰ দিব। সমষ্টিটোৰ বৰ্তমানৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ পৰা ৰাইজে কি পালে সেই প্ৰশ্ন উঠাবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

ইপিনে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰয়াসী জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে আৱেদন দাখিল কৰিবলৈ লগত লৈ আহে য়ুনিফ’ৰ্ম পৰিহিত ছাত্ৰ-ছাত্ৰীৰ এটা দল। ছাত্ৰ-ছাত্ৰীসকল তেওঁৰ পিছে পিছে শ্ল’গান দি সমদলত যোৱাটো আছিল অত্যন্ত দৃষ্টিকটু।

বৰঠাকুৰে সমষ্টিটোত তেওঁৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত মন্ত্ৰী হিমন্ত বিশ্বক কামনা কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। জালুকবাৰী সমষ্টিত বিজেপিৰ পৰা এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি ওলোৱা খবৰৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত তেওঁ এইদৰে কয়।

নিজৰ ৰাজনৈতিক দক্ষতাৰ নমুনা দাঙি ধৰি যোৱা পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত দায়িত্বত থাকি ৩০টা সমষ্টিত কংগ্ৰেছৰ সপক্ষে ভোট আদায় কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰে বৰঠাকুৰে।

আনহাতে বৰপেটাৰ পৰা যোৱা বছৰ দলটোত যোগদান কৰা কমল কুমাৰ মেধিয়ে টিকট বিচাৰিছে। তেওঁৰ উপৰি কোচ ৰাজবংশীসকলৰ প্ৰতিনিধি বিশ্বজিৎ ৰায় আৰু প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানেও প্ৰাৰ্থিত্ব বিচাৰি আৱেদন জনাইছে।

তেজপুৰত টিকট বিচাৰিছে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পাৰ্থপ্ৰতিম বৰাই। যদিও মাত্ৰ এসপ্তাহ পূৰ্বে কংগ্ৰেছত যোগদান কৰা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু তেজপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰয়াসী বুলি চৰ্চা হৈ আছে, এই পৰ্য্যন্ত তেনে কোনো অগ্ৰগতি চকুত পৰা নাই ভানুৰ ক্ষেত্ৰত।

ধুবুৰীৰ পৰা টিকট বিচাৰিছে দক্ষিণ শালমৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু অসম প্ৰদেশ কংগ্ৰেছৰ লোকসংযোগ বিভাগৰ সাধাৰণ সম্পাদক আশ্ৰাফুল ইচলামে।

লখিমপুৰৰ পৰা টিকট বিচাৰি আৱেদন জনাইছে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জয়প্ৰকাশ দাসে।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ টিকট বিচৰি আৱেদন কৰাৰ আজি দ্বিতীয় দিন।

Recent News

Assamese language

অসমীয়া ভাষা কওঁতে বা লিখোঁতে সচৰাচৰ হোৱা ভুল

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd