NORTHEAST NOW (Assamese)

প্ৰতিবাদত সেও মানি আৰক্ষীয়ে মুকলি কৰি দিলে শৃংখল চলিহাক; ক্ষমাও খুজিলে দুই সাংবাদিকক

December 11, 2019 7:54 am · পার্শ্বজোতি গগৈ
Updated: December 11, 2019 7:55 am
ফটো : নৰ্থ-ইষ্ট নাও

মঙলবাৰে গৌৰিসাগৰ থানাৰ সন্মুখত অসম আৰক্ষীয়ে সাংবাদিকক নিৰ্মম প্ৰহাৰ কৰা আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক কৰা কাৰ্যত ক্ষুব্ধ হৈ শিৱসাগৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজে শিৱসাগৰ আৰক্ষী থানা ঘোৰাও কৰে।

হাজাৰ হাজাৰ যুৱকে ঘেৰাও কৰে শিৱসাগৰ সদৰ আৰক্ষী থানা।

সাংবাদিকক প্ৰহাৰ কাৰ কাৰ্যক লৈ ৰাইজে কৰা প্ৰতিবাদত সেও মানি অৱশেষত শিৱসাগৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে সাংবাদিক আচিফ আলি আৰু শশাংক গগৈৰ ওচৰত ক্ষমা খোজাৰ লগতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক মুকলি কৰি দিয়ে।

উল্লেখ্য যে গৌৰীসাগৰ থানাই আটক কৰা শৃংখল চলিহাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আচিফ আলি আৰু শশাংক গগৈৰ ওপৰত আৰক্ষীয়ে লাঠী চালনা কৰে।

সাংবাদিকৰ পৰিচয় পত্ৰ থকাৰ পাছতো আৰু নিজকে সাংবাদিক বুলি পৰিচয় দিয়া স্বত্তেও আৰক্ষীয়ে লাঠি আৰু বন্দুকৰ কুণ্ডাৰে প্ৰহাৰ কৰে দুয়োজন সাংবাদিকক।

ইয়াক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিৱসাগৰত। শিৱসাগৰ সদৰ থানাৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে জোঁৰ সমদলেৰে শিৱসাগৰ উত্তপ্ত কৰি তোলে।

শৃংখল চলিহাৰ মুক্তিৰ দাবীত হাজাৰ হাজাৰ শিৱসাগৰ ৰাইজৰ লগতে যোৰহাট, চৰাইদেউ জিলাৰ পৰাও শ শ ৰাইজ আহি শিৱসাগৰ থানা ঘেৰাও কৰে।

Related News