শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতা: আৰক্ষীৰ জালত পৰিল সাত দূধৰ্ষ ডকাইত

Sivasagar police arrested seven robbers

শিৱসাগৰ আৰক্ষীয়ে এক সফল অভিযান চলাই আজি পুৱতি নিশা এটা দূধৰ্ষ ডকাইতৰ গেঙক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

ডিমৌৰ বামুনবাৰী বাগানত আত্মগোপন কৰি থকা অৱস্থাত নিশা প্ৰায় ২ বজাত শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰে সাতজনীয়া ডকাইতৰ দলটোক।

সাতজনীয়া ডকাইতৰ দলটোত আৰক্ষীৰ এনকাউন্টাৰত নিহত কুখ্যাত গাড়ী চোৰ বুবু কোঁৱৰৰ সহযোগী বাবা লাহনৰ লগতে উজনি অসমৰ কুখ্যাত গৰু চোৰ ইক্ৰাম আলি ওৰফে বদঙো আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ জালত পৰা সাত জনীয়া ডকাইতৰ দলটো হ’ল বাবা লাহন(মৰাণ), চামচুল আলি (জাপিসজীয়া,ডিমৌ), ইক্ৰাম আলি ওৰফে বদং(জাপিসজীয়া), জালালুদ্দিন আহমেদ(জাপিসজীয়া), আফটাৰ হুছেইন(জাপিসজীয়া), নেবুল হুছেইন ওৰফে ফেটীৰ লগতে ডিব্ৰুগড়ৰ আলিফ খান।

উল্লেখ্য যে ধৃত ডকাইতৰ দলটোৱে দীৰ্ঘদিনে জিলাখনত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। যোৱা ২৮ ফেব্ৰুৱাৰীত এই দলটোৱে শিৱসাগৰত সংঘটিত কৰিছিল এক ডকাইতি কাণ্ড।

পংকজ গোৱেল নামৰ এজন ব্যৱসায়ীৰ ঘৰত এই গেংটোৱে কৰিছিল ডকাইতি৷ CCTV কেমেৰাত ব্যৱসায়ী গৰাকীৰ ঘৰৰ সন্মূখত ডকাইটৰ দলটিৰ উপস্থিতি ধৰা পৰিছিল।

ইপিনে ইক্ৰাম আলি ওৰফে বদঙৰ নেতৃত্বতে উজনি অসমত দীৰ্ঘদিনে চলি আহিছে অবৈধ গৰুৰ সৰবৰাহ।

আনহাতে আৰক্ষীৰ জালত পৰা বাবা লাহনে ২০১৯ চনৰ ২১ মাৰ্চত লাকুৱা থানাত ASI অৰুণ চেতিয়াক হত্যা কৰি পলায়ন কৰিছিল।