NORTHEAST NOW (Assamese)

অপৰিষ্কাৰ নলা-নৰ্দমাৰে বৰষুণত বুৰ যোৱা চহৰলৈ ৰূপান্তৰিত শিৱসাগৰ

July 27, 2019 2:32 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: July 27, 2019 3:08 pm
জলমগ্ন শিৱসাগৰ চহৰ

আজি ৰাতিপুৱা অহা এজাক মুষলধাৰ বৰষুণত জলমগ্ন হৈ পৰে শিৱসাগৰ চহৰ। চহৰখনৰ বিভিন্ন বাট-পথৰ লগতে আৱাসিক গৃহতো বৰষুণৰ পানী সোমায় কদৰ্য্যময় পৰিবেশৰ সৃষ্টি কৰে।

চহৰৰ দৌলমুখ চাৰিআলি, হাস্পাতাল ৰোড, ষ্টেশ্যন চাৰিআলি,  থানামুখ, আমোলাপট্টী, মুক্তিনাথ চাৰিআলি, কেন্দ্ৰীয় বজাৰ, অ’এনজিচি কলনি, মেলাচকৰ, কালিবাৰী, গণকপট্টী, ব’ৰ্ডিং ৰোড আদি অঞ্চল বৰষুণৰ পানীত বুৰ যায়। কোনো কোনো অঞ্চলত একাঠু পৰ্যন্ত পানী হয়।

উল্লেখযোগ্য যে, জনসাধাৰণৰ পৰা কেৱল কৰ সংগ্ৰহত ব্যস্ত থকা শিৱসাগৰ পৌৰসভাৰ অদূৰদৰ্শিতাৰ বাবেই আজি এজাক বৰষুণতেই সমগ্ৰ চহৰ পানীৰ তলত বুৰ যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

শিৱসাগৰ চহৰৰ বেছিভাগ পথ নতুনকৈ  নিৰ্মাণ কৰা হৈছিল যদিও নলা-নৰ্দমা সমূহ শিসৱাগৰ পৌৰসভাই সময় মতে পৰিষ্কাৰ নকৰাৰ বাবে বৰষুণৰ পানী ওলাই যোৱাত বাধাৰ সৃষ্টি হয় যাৰ ফলত বৰষুণতেই  কৃত্ৰিম বানপানী হয় চহৰখনত।

আনহাতে, কেৱল কৰ সংগ্ৰহত ব্যস্ত থকা শিৱসাগৰ পৌৰসভাই চফাই কৰ্মচাৰীসকলক দৰমহা প্ৰদান নকৰাৰ বাবে বহু সময়ত কৰ্মচাৰী সকলে ধৰ্মঘটৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছিল।

উল্লেখ্যোগ্য যে, অসমৰ ভিতৰত সৰ্বাধিক কৰ সংগ্ৰহ কৰে শিৱসাগৰ পৌৰসভায়। চফাই কৰ্মী সকলক সময়মতে দৰমহা দিব নোৱাৰা শিৱসাগৰ পৌৰসভাই কিন্তু ৱাৰ্ড সদস্য সকলক সময়মতে দৰমহা দিব পাৰে।

স্বচ্চতাৰ দিশত পুৰস্কাৰ লাভ কৰা শিৱসাগৰ চহৰখন অপৰিষ্কাৰ নলা-নৰ্দমাৰ বাবে এতিয়া এজাক বৰষুণতেই জলমগ্ন হৈ পৰে।

Related News