অঘৰী কুকুৰৰ বাবে পুৰণি টিভিৰে অভিজিৎ দুৱৰাই সাজি উলিয়ালে বাটৰ ঘৰ

a 20201204_190818

ন ন উদ্ভাৱনেৰে চমক সৃষ্টি কৰা শিৱসাগৰৰ যুৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন। বাটৰ অঘৰী কুকুৰক আশ্ৰয় দিয়াৰ বাবে সজি উলিয়াইছে ষ্টীট ডগ হোম বা বাটৰ ঘৰ।

শিৱসাগৰ নগৰৰ অঘৰী কুকুৰৰ বাবে বিভিন্ন স্থানত স্থাপন কৰিছে এই বাটৰ ঘৰ।

এইগৰাকী শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিৎ দুৱৰা। নগৰৰ ফুকন নগৰ মেটেকা ঘাটৰ বাসিন্দা অভিজিৎ দুৱৰাই বিগত সময়ছোৱাত বিভিন্ন সামগ্রী উদ্ভাৱন কৰি চৰ্চিত হৈ আহিছে।

লক ডাউনৰ সময়ত এইগৰাকী উদ্ভাৱকে ভি ফাইটাৰ , চেনি টাইজ কৰা চাইকেল, জোনবাই এল ই ডি বাল্ব আদি উদ্ভাৱন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

এইবাৰ অভিজিতে পুৰণি টিভি ৰ পৰা সাজি উলিয়াইছে অঘৰী কুকুৰৰ বাবে বাটৰ ঘৰ। প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ আৰু থাকিবলৈ কোনো  নিদিষ্ট ঠাই নথকাৰ বাবে বহু কুকুৰে ৰাস্তাত শুই বহি থকাত বিভিন্ন সময়ত সংঘটিত হয় দুৰ্ঘটনা । এনে দুৰ্ঘটনা ৰোধৰ বাবে এই বাটৰ ঘৰ বনোৱা হৈছে বুলি জানিবলৈ দিয়ে অভিজিত দুৱৰাই।

নগৰৰ বৰ্ডিং ৰোডত আনুষ্ঠানিক ভাৱে এই বাটৰ ঘৰৰ শুভ উদ্বোধন কৰে শিৱসাগৰৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত আল আজহাৰ আলীয়ে।

উল্লেখযোগ্য যে, পথৰ কাষত স্থাপন কৰা বাটৰ ঘৰৰ যোগেদি শীতৰ সময়ত অঘৰী কুকুৰবোৰে কিছু সকাহ পাব বুলি ধাৰণা কৰা হৈছে।