• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফাদিল হৈছে বিশ্বজিৎ হাজৰিকা হত্যাকাণ্ডৰ ৰহস্য: আৰক্ষীৰ জালত ছয় অভিযুক্ত

অভিযুক্ত দেৱজিৎ ডেকাক নৰ্থইষ্ট নাওৰ পৰা তাৎক্ষণিকভাৱে বৰ্খাস্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2023 8:46 pm
Biswajit Hazarika murder case
304
VIEWS
Share on FacebookShare on Twitter

নৰ্থইষ্ট নাওৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হৈছে দেৱজিৎ ডেকাক। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে নৰ্থইষ্ট নাওৰ পৰা তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰা হৈছে দেৱজিৎ ডেকাক।

মহানগৰীৰ যুৱক বিশ্বজিৎ হাজৰিকাৰ অপৰহণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছতে নৰ্থইষ্ট নাও কৰ্তপক্ষই ভিডিঅ’ এডিটৰৰূপে কৰ্মৰত দেৱজিৎ ডেকাক বৰ্খাস্ত কৰিছে। উল্লেখ্য যে যোৱা ২১ নৱেম্বৰত দেৱজিৎ ডেকাই নৰ্থইষ্ট নাওত ভিডিঅ’ এডিটৰৰূপে যোগদান কৰিছিল।

ইফালে, যোৱা অক্টোবৰৰ পৰা অপহৃত হৈ থকা বিশ্বজিৎ হাজৰিকাৰ অপহৰণ আৰু হত্যাৰ গোচৰত বিশেষ অগ্ৰগতি লাভ কৰা বুলি গুৱাহাটী মহানগৰৰ আৰক্ষীয়ে সদৰী কৰিছে।

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মেল সম্বোধন কৰি কয় যে যোৱা ৯ অক্টোবৰত বিশ্বজিৎ হাজৰিকাৰ পিতৃ এধন হাজৰিকাই তেওঁৰ পুত্ৰক কোনো লোকে অপহৰণ কৰি ধনদাবী কৰা বুলি দিছপুৰ আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছিল। প্ৰথমাৱস্থাত আৰক্ষীয়ে বিশ্বজিৎ হাজৰিকাৰ অপহৰণ কাণ্ডৰ কোনো ক্লু লাভ কৰা নাছিল।

কিন্তু, যোৱা ৯ ফেব্ৰুৱাৰীত বিশ্বজিৎ হাজৰিকাৰ পিতৃ এধন হাজৰিকাই পুত্ৰৰ নিৰুদ্দেশ গোচৰৰ তদন্ত সম্পৰ্কত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক সাক্ষাৎ কৰে। ইয়াৰ পাছতে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে অপৰাধ শাখাৰ এটা বিশেষ তদন্তকাৰী দল গঠন কৰি গোচৰটো পুনৰীক্ষণৰ দায়িত্ব দিয়ে।

তদন্তকাৰী দলটোৱে ক্লু বিচাৰি পনুৰ তদন্ত আৰম্ভ কৰে। যোৱা ১ নৱেম্বৰত নেলী আৰক্ষীয়ে আমগুৰিৰ কিলিং নদীত উদ্ধাৰ কৰা এটা অচিনাক্ত মৃদেহটো উদ্ধাৰ কৰিছিল। তদন্তকাৰী আৰক্ষী দলটোৱে উক্ত অচিনাক্ত মৃতদেহটোৰ ওপৰত তদন্ত আৰম্ভ কৰি নিশ্চিত হয় যে উক্ত অচিনাক্ত মৃতদেহটো বিশ্বজিৎ হাজৰিকাৰেই আছিল।

ইয়াৰ পাছতে অপৰাধ শাখাৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আগুৱাই নিয়ে আৰু প্ৰণৱ ৰংহাঙক (২৫) সোধপোচ কৰাৰ পাছতে সমগ্ৰ অপৰহণ আৰু হত্যাকাণ্ড পোহৰলৈ আহে।

প্ৰণৱ ৰংহাঙৰ স্বীকাৰোক্তিৰ ভিত্তিতে দিছপুৰ আৰক্ষীয়ে বিশ্বজিৎ হাজৰিকাৰ অপহৰণ আৰু হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ঘটনাৰ মাষ্টাৰ মাইণ্ড তথা মৃত বিশ্বজিৎ হাজৰিকাৰ আশৈশৱ বন্ধু অজয় কলিতা (৩০), দেৱজিৎ ডেকা (২৬), সঞ্জয় কুমাৰ ভগত (২৬), পৰশ ছেত্ৰী (২৪) আৰু ময়ুৰ নাথক (২৪) ভাৰতীয় দণ্ডবিধি আইনৰ গোচৰ নং ২২৮৪/২০২২/ U/S ৩৬৫/৩৮৭ অধীনত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অন্য কেইগৰাকীমান অভিযুক্তকো চিনাক্ত কৰিছে আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হ’ব বুলিও উল্লেখ কৰিছে।

Recent News

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd