ডিব্ৰুগড়ৰ গোৱাল আক্ৰমণৰ ঘটনা; টিএমপিকেৰ নেতাসহ ৬জনক গ্ৰেপ্তাৰ

ফটো নৰ্থ-ইষ্ট নাও

ডিব্ৰুগড়ৰৰ চাৰখলীয়া ৰামসিং চাপৰিত যোৱা ১৯ অক্টোবৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত ৬ গৰাকী ব্যক্তিক বুধবাৰে ডিব্ৰুগড় আৰু ধেমাজী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ ৩ গৰাকী টিএমপিকেৰ সদস্য।

গ্ৰেপ্তাৰ কৰা লোককেইজনক সংগঠনটোৰ সভাপতি যতিন্দ্ৰ পাডুন, ধনেশ কুটুম (কাৰ্যবাহী সদস্য), জয়ন্ত টায়ে (টিএমপিকেৰ লাইমেকুৰি আঞ্চলিকৰ সম্পাদক), ৰঞ্জন কুলি. ধুলানাথ মিলি আৰু বৃকুধৰ দ’লে বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে ১৯ অক্টোবৰত টাকাম মিচিং পৰিণ কেবাঙৰ সন্দেহযুক্ত ১০০তকৈয়ো অধিক সদস্যৰ এটা দলে চলোৱা আক্ৰমণত মুৰুলী যাদৱ নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন লোক আহত হৈছিল।

আক্ৰমণৰ বলি লোকসকল বৃত্তিত গোৱাল। হিন্দীভাষী এই লোকসকল চাৰখলীয়া চাপৰিত কেইবা দশক ধৰি বাস কৰি আহিছে। আক্ৰমণত তেওঁলোকৰ বাসগৃহসমূহো জ্বলাই দিয়া হৈছিল।

প্ৰাপ্ত তথ্য মতে টিএমপিকেৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোৰ ধেমাজী জিলাৰ লাইমেকুৰি আঞ্চলিকৰ সদস্যই উক্ত গোৱালসকলৰ পৰা ১০ৰ পৰা ৫০হাজাৰ টকালৈকে চান্দা দাবী কৰিছিল।

স্থানীয় লোকে অভিযোগ কৰে যে টিএমপিকেই লোকসকলৰ পৰা ধন দাবী কৰিছিল আৰু তেওঁলোকে সেই ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবেই তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছিল।

দাবী কৰা পৰিমাণৰ চান্দা দিবলৈ অস্বীকাৰ কৰাত তেওঁলোকক প্ৰথমতে ভয় ভাবুকি প্ৰদান কৰা হৈছিল বুলি স্থানীয় লোকে অভিযোগ কৰে।

বিষয়টো তেতিয়াই ডিব্ৰুগড়ৰ উপায়ুক্ত আৰু আৰক্ষীক অৱগত কৰোৱা লগতে টিএমপিকেৰ লাইমেকুৰি আঞ্চলিক সমিতিৰ পেডত লিখা কেইখনমান দাবী পত্ৰও আৰক্ষীক দিয়া হৈছিল।

স্থানীয় লোকসকলৰ অভিযোগ, ‘আক্ৰমণৰ ৪ দিন পূৰ্বেই আৰক্ষী-প্ৰশাসনক অৱগত কৰা হৈছিল যদিও প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱা নহ’ল’।

বুধবাৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাৰ নেতৃত্বত ডিব্ৰুগড়  আৰু ধেমাজী আৰক্ষীৰ এটা যুটীয়া দলে ধেমাজী গোগামুখৰ পৰা অভিযুক্ত ব্যক্তি ৬ গৰাকীক আটক কৰে।

পিছত তেওঁলোকক ভাৰতীয় দণ্ডবিধিৰ ১৫৩-এ, ৩০২, ৩০৭, ৩২৬, ৪৩৬, ১৪৩ আৰু ১২০-বি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্ত আন সদস্যসকলক বিচাৰি থকা হৈছে আৰু শীঘ্ৰেই তেওঁলোকক আটক কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাই জানিবলৈ দিয়ে।

আনহাতে উক্ত ঘটনাৰ পিছতে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলাখনত চান্দা, বলপূৰ্বক বৰঙণি, ধন সংগ্ৰহ আদি নিষিদ্ধ কৰিছে।