অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ দূৰৱৰ্তী পশ্চিমৰ ডাউন অঞ্চল উইম্বিলাৰ ৱেইনছ ৰোডত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত দুজন আৰক্ষী বিষয়াসহ ছয়জন লোক নিহত হৈছে। ঘটনাটো স্থানীয় সময় অনুসৰি সোমবাৰে সংঘটিত হৈছিল।
জানিব পৰা গৈছে যে আৰক্ষীৰ কৰ্মীসকলে এগৰাকী সন্ধানহীন ব্যক্তিৰ বিষয়ে সন্ধানত ঘটনাস্থলীলৈ গৈছিল। যেতিয়া পুলিচসকল তাত উপস্থিত হৈছিল, তেতিয়া এটা ঘৰৰ ভিতৰৰ পৰা নিৰ্বিচাৰে গুলী চালনা কৰা হৈছিল।
লগতে পঢ়ক: বিস্ফোৰণত কঁপিল কাবুল; পাকিস্তানৰ পিছত এইবাৰ আফগানিস্তানতো জেহাদীৰ লক্ষ্য চীনৰ নাগৰিক
কুইন্সলেণ্ডৰ আৰক্ষী আয়ুক্ত কেটাৰিনা কেৰলে ঘটনাটো নিশ্চিত কৰিছে। তেওঁ কৈছে যে চাৰিজন আৰক্ষী বিষয়া তালৈ গৈছিল। তাতেই এই ঘটনাটো ঘটিছিল।
কৰ্তৃপক্ষই নিৰাপত্তাজনিত কাৰণত অঞ্চলটোক “জৰুৰীকালীন অঞ্চল” বুলি ঘোষণা কৰিছে। জনসাধাৰণক অঞ্চলটো পৰিহাৰ কৰিবলৈ কোৱা হৈছে।
লগতে পঢ়ক: শ্বুটিং স্থলীত অঘটন: ৰাজপাল যাদৱৰ স্কুটাৰৰ খুন্দাত আহত ছাত্ৰ
উক্ত অঞ্চলটোত অতি কম সংখ্যক লোক বাস কৰে। কেইবাটাও বৃহৎ সম্পদ তথা গেছ ফিল্ড আছে।