নাম নুঠিল বিৰাটৰ! ভাৰতৰ ৬ গৰাকী খেলুৱৈৰে বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশ ঘোষণা আই চি চিৰ

১৩ বছৰৰ পাছত বিশ্বকাপ জয়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰুদ্ধশ্বাস ফাইনেলত ভাৰতীয় ক্ৰিকেট দলে আজুৰি আনিলে টী-২০ বিশ্বকাপ। গোটেই প্ৰতিযোগিতাখনত ৰোহিত বাহিনীয়ে আধিপত্য বিস্তাৰ কৰিছিল। আইচিচিয়ে নিৰ্বাচিত কৰা প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ একাদশেই তাৰ প্ৰমাণ আছিল। সেই তালিকাত ৬ জন ভাৰতীয় ক্ৰিকেটাৰ আছে। কিন্তু নাম নুঠিল বিৰাট কোহলীৰ।

সদ্য সমাপ্ত টী-২০ বিশ্বকাপ ২০২৪ৰ যি শ্ৰেষ্ঠ একাদশ আইচিচিয়ে বাছনি কৰিছে তাত স্থান পাইছে ভাৰতৰ ৰোহিত শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিঙে। ভাৰতীয় অধিনায়কগৰাকী আৰম্ভণিৰে পৰাই ভয়ংকৰ ফৰ্মত আছিল। ৩৬.৭১ গড়ে ২৫৭ ৰান কৰি তিনিটা অৰ্দ্ধশতক সংগ্ৰহ কৰিছে। ষ্ট্ৰাইক ৰেট ১৫৬.৭।

লগতে পঢ়কঃ আজিৰে পৰা কাৰ্যকৰী হ’ল নতুন আইন; সাধাৰণ মানুহে যি ১০টা পৰিৱৰ্তনৰ বিষয়ে জনা উচিত

সূৰ্যকুমাৰ যাদৱেও গুৰুত্বপূৰ্ণ সময়ত ফলপ্ৰসূ ইনিংছ খেলিছিল। প্ৰতিযোগিতাখনত তেওঁৰ ৰান সংখ্যা ১৯৯। ফাইনেলত মেচ টাৰ্নিং কেচটোও লৈছিল। অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াও দলটোত আছে। ১৪৪ ৰানৰ লগতে তেওঁৰ নামত আছে ১১টা উইকেট। আন এজন ভাৰতীয় অলৰাউণ্ডাৰ অক্ষৰ পেটেলে লাভ কৰে ৯টা উইকেট। তেওঁৰ ৰান সংখ্যা ৯২।

এই তালিকাত দুগৰাকী ভাৰতীয় পেচ বলাৰৰ নামো আছে। যশপ্ৰীত বুমৰাহৰ চিকাৰ ১৫ জন বেটছমেন। ইকোনমি মাত্ৰ ৪.১৭। শ্ৰেষ্ঠ বলিং ৭ ৰানত তিনিটা উইকেট। আন এজন তাৰকা পেচাৰ অৰ্শদীপ সিঙে ১৭টা উইকেট দখল কৰি প্ৰতিযোগিতাখনত যৌথভাৱে শীৰ্ষ উইকেট দখল কৰিছে। অৱশ্যে ফাইনেল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ বিৰাট কোহলী এই দলত অন্তৰ্ভুক্ত নহ’ল। যদিও শেষৰখন মেচত তেওঁ ৭৬ ৰান সংগ্ৰহ কৰিছিল, তথাপিও গোটেই টুৰ্ণামেণ্টখনত তেওঁ ইমান ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল।

শ্ৰেষ্ঠ একাদশত থকা বাকী খেলুৱৈসকল হ’ল ৰহমানুল্লাহ গুৰবাজ, নিকোলাছ পুৰাণ, মাৰ্কাছ ষ্ট’ইনিছ, ৰছিদ খান, ফাজলহাক ফাৰুকী। অনৰিখ নাখিয়া দ্বাদশ ব্যক্তি।

শ্ৰেষ্ঠ বিশ্বকাপ একাদশ : ৰোহিত শৰ্মা, ৰহমানুল্লাহ গুৰবাজ, নিকোলাছ পুৰাণ, মাৰ্কাছ ষ্টয়নিছ, সূৰ্য্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰছিদ খান, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, ফজল হক ফাৰুকী।

দ্বাদশ ব্যক্তি: অনৰিখ নাখিয়া।