হলিউদী চিনেমাৰ কায়দাৰে ইজৰাইলৰ কাৰাগাৰৰ পৰা সুৰংগৰে পলাল ৬ পেলেষ্টাইনী কাৰাবন্দী

palestine prisoner escaped

ইজৰাইলৰ এখন অতি সুৰক্ষিত তথা দুৰ্গ সদৃশ কাৰাগাৰৰ পৰা হলীউদী চিনেমাৰ কায়দাৰে ছয়জন পেলেষ্টাইনী কাৰাবান্দী পলাই যাবলৈ সক্ষম হৈছে।

দেওবাৰে মাজনিশা ইজৰাইলৰ কাৰাগাৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কাৰাবন্দীকেইজনে এটি সুৰংগৰ মাজেৰে পলাই যায়।

কঠোৰ নিৰাপত্তাবেষ্টিত ইজৰাইলৰ কাৰাগাৰৰ পৰা পলাই যোৱা ছয়জন কাৰাবন্দীৰ মাজত পাঁচজন হৈছে পেলেষ্টাইনৰ ইছলাম জেহাদ আন্দোলনৰ সদস্য। বাকী এজন হৈছে ফাতাহ আন্দোলনৰ ছহিদ ব্ৰিগেডৰ সদস্য।

ইজৰাইলী কাৰাগাৰৰ পৰা ছয়জন পেলেষ্টাইনী বন্দীৰ এইদৰে পলাই যোৱাৰ ঘটনাত হতভম্ব হৈ পৰিছে ইজৰাইলৰ শাসনাধীষ্ঠ নেতাসকল।

দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তা বিভাগৰ মন্ত্ৰী ওমেৰ বাৰলোভে জানিবলৈ দিয়ে যে পেলেষ্টাইনী বন্দী কেইজনে অতি নিখুঁত পৰিকল্পনাৰে কাৰাগাৰৰ পৰা পলাইছে। ই এক ডাঙৰ ঘটনা।

আনহাতে, ইজৰাইলৰ আৰক্ষী বিষয়া এ ভি বিতুনে এই বন্দী পলায়নৰ ঘটনাৰ পাছত দেশখনৰ পিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে বুলি জানিবলৈ দি কয় যে এনেধৰণৰ ঘটনা আৰু ঘটিব পাৰে তথা পেলেষ্টাইনী কাৰাবন্দীসকল আক্ৰমণাত্মক হৈ উঠিব পাৰে।

ইপিনে, প্ৰতিবেদনসমূহত প্ৰকাশ পোৱা মতে ইজৰাইলৰ কাৰাগাৰত নিৰাপত্তা ব্যৱস্থাত যথেষ্ট সুৰুঙা আছে। কাৰাবন্দীকেইজনে অতি দক্ষতাৰ পৰিচয় দিছে. তেওঁলোকৰ সুপৰিকল্পিত কৌশল সফল হৈছে। কাৰাবন্দীকেইজন পলোৱাৰ কেইবাঘন্টা পাছলৈকে ইজৰাইলী কাৰাগাৰৰ বিষয়াসকলে কি ঘটিছে সেয়া তৰ্কিবই পৰা নাছিল।