NORTHEAST NOW (Assamese)

বেলুচিস্তানত শক্তিশালী বোমা বিস্ফোৰণ; ছয়গৰাকী পাকিস্তানী নাগৰিকৰ মৃত্যু

August 10, 2020 10:26 pm · এন ই নাও নিউজ

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সোমবাৰে সংঘটিত হোৱা ভয়াবহ বোমা বিস্ফোৰণত ছয়গৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে ২০ গৰাকীতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হয়।

এখন মটৰ চাইকেলত এই বোমাটো সংযুক্ত কৰি জনবহুল চামন চহৰলৈ লৈ অহা হৈছিল আৰু মটৰ চাইকেলতে বোমাটো বিস্ফোৰিত হৈছিল।

বৰ্তমানলৈ কোনো সংগঠনে বোমা বিস্ফোৰণ সন্দৰ্ভত দায়িত্ব স্বীকাৰ কৰা নায়।

বিগত মাহতো পাকিস্তানৰ কৰাচী চহৰত উগ্ৰবাদীয়ে বোমা বিস্ফোৰিত কৰিছিল।

স্বাধীন বেলুচিস্তানৰ সংগ্ৰামী সকলে এই বিস্ফোৰণ ঘটাব পাৰে বুলি পাকিস্তানৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই সন্দেহ প্ৰকাশ কৰিছে।

শক্তিশালী বোমাটোৰ বিস্ফোৰণৰ ফলত অঞ্চলটোৰ কিছুসংখ্যক দোকান-পোহাৰো ক্ষতিগ্ৰস্ত হয়।

Related News