বিশ্বনাথত গড়ৰ খৰ্গসহ ছয় খৰ্গ ব্যৱসায়ীক গ্ৰেপ্তাৰ

rhino horn

বিশ্বনাথ আৰক্ষীৰ এক সফল অভিযানত আজি জালত পৰিছে এটা বৃহৎ চোৰাং চক্ৰ। চক্ৰটোৰ সৈতে জড়িত গঁড়ৰ খৰ্গ ব্যৱসায় কৰা ৬ জনকৈ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথ আৰক্ষীয়ে।

গ্ৰেপ্তাৰ কৰা ব্যক্তি কেইজনক ক্ৰমে আছলাম শেখ (আমবাৰী), হামিদ শেখ(আমবাৰী), ঘনশ্যাম গুপ্তা (আমবাৰী), মণ্টু চমুৱা (লেহুগাঁও), জমীৰ ঢালী(বামগাঁও) আৰু গহপুৰৰ কিৰণ দাস বুলি চিনাক্ত কৰা হৈছে।

ধৃত ব্যক্তি কেইজনৰ পৰা আৰক্ষীয়ে এটা গঁড়ৰ খৰ্গও উদ্ধাৰ কৰিছে। গোপন সূত্ৰৰ পৰা আৰক্ষীয়ে এই চক্ৰটোৰ সম্ভেদ লাভ কৰি অভিযান চলায়।

জানিব পৰা মতে বিশ্বনাথ আৰক্ষীয়ে গ্ৰাহক হিচাপে চক্ৰটোৰ কাষ চাপে। ৭০ লাখ টকাত খৰ্গটো বিক্ৰীৰ বাবে বন্দোবস্ত কৰিছিল চোৰাং খৰ্গ ব্যৱসায়ী কেইটাই।

আনহাতে আৰক্ষীয়ে ব্যক্তি কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে খৰ্গটো উদ্ধাৰ কৰাৰ পাছতে পোহৰলৈ আহে আন এক তথ্য। উদ্ধাৰ কৰা খৰ্গটো নকল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

দুটাকৈ জন্তুৰ অংগৰ জৰিয়তে এই নকল খৰ্গটো নিৰ্মাণ কৰা হৈছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। এই কথা সদৰি কৰিছে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে।

আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰা মতে বন বিভাগৰ প্ৰাথমিক তদন্তত খৰ্গটো নকল বুলি সন্দেহ বুলি প্ৰকাশ কৰিছে।

অৱশ্যে আনুষ্ঠানিক ভাৱে নিশ্চিত কৰিবলৈ খৰ্গটো পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে।