চেলুনত চুলি কটাবলৈ গৈ বিপদত; কৰ’নাত আক্ৰান্ত হ’ল গাঁৱৰ ছয়জন লোক

Story-11-13-1140x570

প্ৰতিনিধিত্বমূলক ফটো

গোটেই বিশ্বতে কৰ’না বৰ্তমান এটা আতংকৰ নাম হৈ পৰিছে। কৰ’নাৰ সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰায়বোৰ দেশে পালন কৰিছে লকডাউন।

কিন্তু কৰ’নাৰ এই মাৰাত্মক সংক্ৰমণৰ বিষয়টো সহজভাৱে লোৱাৰ পৰিমতি ভোগ কৰিবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এখন গাঁৱৰ ছয়জন ব্যক্তিয়ে।

লকডাউনৰ মাজতে চেলুনত চুলি কটাবলৈ গৈছিল লোককেইজন। আচৰিতভাৱে খোলা ৰখা চেলুনখনত তেওঁলোকে চুলি-দাড়ি কটাই বিপদ মাতি আনিলে।

চেলুনৰ পৰা উভতি অহা গাঁৱখনৰ সেই ছয়জন লোকেই কৰ’নাত আক্ৰান্ত হৈছে। আৰক্ষীয়ে ইতিমধ্যে গাঁৱখন ছীল কৰি দিছে।

ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ খাৰ্গো জিলাৰ বাৰগাঁও নামৰ গাঁৱত।

জানিব পৰা মতে, ইন্দোৰৰ এখন হোটেলত কাম কৰা এজন লোক যোৱা ৫ এপ্ৰিলত গাঁৱলৈ উভতি আহে। উক্ত চেলুনখনত তেওঁ চুলি কটাবলৈ গৈছিল।

জিলাখনৰ মুখ্য স্বাস্থ্য বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে সেই হোটেলৰ কৰ্মচাৰীজনৰ দেহত কৰ’না পজিটিভ পোৱা গৈছে।

ইয়াৰ পাছত উক্ত চেলুনখনলৈ গাঁৱৰ আৰু কেইজনমান লোক যায়। একেখন কাপোৰকে ব্যৱহাৰ কৰি সকলোৰে দাড়ি-চুলি কাটে নাপিতজনে। আৰু তাৰপৰাই সংক্ৰমণ বিয়পি পৰে।

সেইদিনাখন চেলুনখনলৈ যোৱা ১২ জন লোকৰ নমুনা পৰীক্ষাৰ কৰাৰ পাছত ছয়জনৰ ফলাফল পজিটিভ আহে।তাৰ পাছতেই গাঁৱখনত আতংক বিয়পি পৰে।

জানিব পৰা মতে, আশ্চৰ্যকৰভাৱে গ্ৰাহককেইজনৰ কৰ’না পজিটিভ ওলাল যদিও নাপিতজনৰ নিগেটিভ পোৱা গ’ল।

চেলুনত বাৰে বাৰে ব্যৱহৃত কাপোৰ, কেচি, ফণী আদিৰ পৰা কৰ’নাৰ সংক্ৰমণ ঘটিব পাৰে। সেয়েহে, কেন্দ্ৰীয় চৰকাৰে চৰ্ত সাপেক্ষে বিভিন্ন প্ৰতিষ্ঠান খোলাৰ বাবে অনুমতি দিলেও চেলুন বন্ধ ৰখাৰ নিৰ্দেশ বাহাল ৰাখিছে।