চুৰি কৰিবলৈ গৈ স্থানীয় যুৱকৰ হাতত আটক হ’ল ৬ জন চোৰ; জব্দ এখন পিক আপ ভ্যান

WhatsApp Image 2019-05-08 at 4.08.12 PM

চুৰি কৰিবলৈ গৈ আটক হোৱা চোৰ কেইজন।

জখলাবন্ধাত চুৰি কাৰ্য্য সংঘটিত কৰিবলৈ গৈ স্থানীয় যুৱকৰ হাতত বন্দী হ’ল এটা ৬ জনীয়া চোৰৰ দল। মঙলাবাৰে নিশা ১২.৩০ মান বজাত সংঘটিত হয়  ঘটনাটো।

ঘটনাৰ বিবৰণী অনুসৰি, মঙলবাৰে নিশা জখলাবন্ধাৰ স্থানীয় যুৱকসকলে এখন মহেন্দ্ৰ পিক আপ ভ্যান লৈ চোৰৰ দল এটাই অঞ্চলটোত চুৰি কৰিবলৈ সোমাৱাৰ খবৰ পায়। খবৰ লাভ কৰিয়ে অঞ্চলটোৰ ভালেসংখ্যক যুৱক একেলগ হৈ অঞ্চলটোত চোৰৰ দলটোৰ বিৰুদ্ধে অভিযান চলাই আৰু আৰু ছয়জন চোৰক ধৰিবলৈ সক্ষম হয়।

চোৰৰ দলটোক আটক কৰি যুৱকৰ দলটোৱে জখলাবন্ধা আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাৰ পাছত ধৃত চোৰকেইজনক আৰক্ষীৰ হাতত গটাই দিয়া হয়।

আনহাতে, চোৰকেইজনৰ লগতে এ এছ ০২ বি চি ৯৮৪৮ নম্বৰৰ মহেন্দ্ৰ পিক আপ ভ্যানখনো জব্দ কৰা হয়। জখলাবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাই জানিবলৈ দিয়া মতে জব্দ হোৱা গাড়ীখন চোৰৰ দলটোৰ নেতৃত্বত থকা গুলজাৰ হুছেইন নামৰ লোকজনৰ।সাত জনীয়া চোৰৰ দলটোৰ এজন সদস্য পলাই সাৰিবলৈ সক্ষম হয়।

বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আটক হোৱা আটাইকেইজন চোৰ। চোৰৰ দলটোৱে বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি চুৰি কাৰ্য্য সংঘটিত কৰি আহিছিল বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।