NORTHEAST NOW (Assamese)

বাস্তৱতা পাহৰি মেৰীকমক প্ৰত্যাহ্বান জনোৱা নিখাত জেৰিণৰ দৰ্প চূৰ্ণ; মানি ল’লে শোচনীয় পৰাজয়

December 28, 2019 2:38 pm · এন ই নাও নিউজ
মেৰীকম

ছয়বাৰৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ তাৰকা বক্সাৰ এম চি মেৰীকমে আজি মহিলাৰ ৫১ কেজি শাখাৰ বক্সিং ট্ৰায়েলত নিখাত জেৰিণক পৰাস্ত কৰে।

জেৰিণক পৰাস্ত কৰাৰ লগে লগে মেৰীকমে টকিঅ’ অলিম্পিকৰ বাবে চীনত অনুষ্ঠিত হ’বলগীয়া যোগ্যতা অৰ্জনকাৰী খেলত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব।

মেৰীকমে জেৰিণক ৯-১ ব্যৱধানত পৰাস্ত কৰি পুনৰবাৰ নিজৰ যোগ্যতা প্ৰমাণ কৰে।

শুকুৰবাৰে ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমে হাৰিয়ানাৰ বক্সাৰ ৰিতু গ্ৰেৱাল আৰু জেৰিণে ৰাষ্ট্ৰীয় চেম্পিয়ন জ্যোতি গুলীয়াক পৰাস্ত কৰি পৰস্পৰে পৰস্পৰৰ মুখামুখি হৈছিল।

নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা খেলখনত মেৰীকমে জেৰিনক অতি সহজে পৰাস্ত কৰে।

উল্লেখযোগ্য যে, পূৰ্বে নিখাত জেৰিণে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুলৈ পত্ৰ লিখি মেৰীকমক প্ৰত্যাহবান জনাইছিল।

পৰৱৰ্তী সময়ত মেৰীকমে জেৰিণৰ প্ৰত্যাহবান গ্ৰহণ কৰে আৰু আজিৰ খেলত মেৰীকমে জেৰিণক সহজে পৰাস্ত কৰি কিয় তেওঁ ছয়বাৰৰ বিশ্ব চেম্পিয়ন সেই কথা বুজাই দিলে।

Related News