NORTHEAST NOW (Assamese)

অহা ২৮ নৱেম্বৰত আৰম্ভ হ’ব ষষ্ঠ সংখ্যক ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ

November 22, 2018 4:12 pm · এন ই নাও নিউজ
গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰ চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক তনুশ্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰখাৰ মুহূৰ্তত। ফটো : নৰ্থইষ্ট নাও

অহা ২৮ নৱেম্বৰত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ চেন্টাৰত ষষ্ঠ সংখ্যক ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ’ব।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে দেশৰ বাকী অংশৰ পৰা আমন্ত্ৰিত কেইখনমান ছবিও এইবাৰ মহোৎসৱ প্ৰদৰ্শিত হ’ব।

উল্লেখযোগ্য যে ই আয়োজন কৰা এখনি চুটি ছবি প্ৰতিযোগিতাত ৩০০ খন চলচ্চিত্ৰই যোগদান কৰিছিল আৰু তাৰ মাজৰ পৰা বাচনি কৰা শীৰ্ষ ১৫ খন চলচ্চিত্ৰ মহোৎসৱখনত প্ৰদৰ্শন কৰা হ’ব।

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শ্ৰীৰাম ডেলটনৰ ‘স্প্ৰীং বাৰ্ড’ মহোৎসৱৰ উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শিত হ’ব।

নাগামিজ ছবি ‘নানী টেৰি মৰনী’, ছিকিমৰ ‘ৰালাং ৰ’ড’, অসমৰ ‘চোৰ’ আৰু ‘বৰনদী ভটিয়াই’ আদি হ’ল মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া কেইখনমান ছবি।

অনুপম কৌশিক বৰা পৰিচালিত ‘বৰনদী ভটিয়াই’ ছবিখন সামৰণি ছবি হিচাপে প্ৰদৰ্শন কৰা হ’ব।

প্ৰসিদ্ধ চলচ্চিত্ৰ ব্যক্তিত্ব বোমান ইৰাণী, শকুন বাত্ৰা আৰু ৰাজেশ মপুছকাৰ এই বছৰৰ মহোৎসৱত উপস্থিত থাকিব।

বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত মহোৎসৱখনৰ সঞ্চালক তনুশ্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে চলচ্চিত্ৰ মহোৎসৱখনে প্ৰাৰম্ভিক কালৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰসমূহক তুলি ধৰাৰ প্ৰচেষ্টা চলাই আহিছে।

অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ পৰিচালক পুলক গগৈক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ’ব।

Related News