NORTHEAST NOW (Assamese)

ক্ষান্ত নহয় মেৰী কম : লক্ষ্য এইবাৰ টকিঅ’ অলিম্পিকত স্বৰ্ণ জয়

November 27, 2018 11:38 am · এন ই নাও নিউজ
মেৰী কম

ইতিহাস সৃষ্টি কৰি ষষ্ঠবাৰৰ বাবে মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ পিছতো থমকি ৰ’ব খোজা নাই মেৰী কম। মণিপুৰৰ এইগৰাকী ৩৫ বছৰীয়া বক্সাৰৰ এইবাৰ লক্ষ্য ২০২০ টকিঅ’ অলিম্পিকত স্বৰ্ণ জয় কৰা।

নতুন দিল্লীত সদ্যসমাপ্ত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰাৰ পিছতে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তাৰকা বক্সাৰ মেৰী কমে এইদৰে নিজৰ মনৰ কথা ৰাজহুৱা কৰে। তেওঁ কয় ‘মই এতিয়াও ভাগৰা নাই। মোৰ প্ৰধান লক্ষ্য হ’ল টকিঅ’ অলিম্পিকত স্বৰ্ণ জয় কৰি ভাৰতবাসীক গৌৰৱান্বিত কৰাৰ আৰু এটা সুযোগ দিয়া’।

ষষ্ঠবাৰৰ বাবে বিশ্ব বক্সিঙৰ খিতাপ জয় কৰাটো সহজ নহয় বুলি উল্লেখ কৰি মেৰী কমে কয় যে এই সাফল্য অৰ্জন কৰিব পাৰি তেওঁ যথেষ্ট আনন্দিত। মই ৩৫ বছৰীয়া যদিও অভিজ্ঞতাসম্পন্ন। প্ৰতিটো খোজতে পৰিয়ালৰ প্ৰতিজন সদস্যই মোক সমৰ্থন কৰি আহিছে আৰু অনাগত দিনটো কৰি যাব বুলি তাৰকা বক্সাৰগৰাকীয়ে কয়।

উল্লেখ্য যে মেৰীকমে ইয়াৰ পূৰ্বে ২০০২, ২০০৫, ২০০৬, ২০০৮ আৰু ২০১০ চনত বিশ্ব বক্সিঙৰ খিতাপ দখল কৰিছিল।

Related News