শীতকালীন অধিৱেশনত তীব্ৰতৰ হ’ব কৃষক আন্দোলন, জনালে সংযুক্ত কিষাণ মৰ্চাই

Farmer protest against farm act

কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্ত্তন কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলনে এবছৰ অতিক্ৰম কৰাৰ পিছত ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব লগীয়া শীতকালীন অধিৱেশনৰ সময়ত প্ৰতিদিনে ৫০০ কৃষকে সংসদলৈ শান্তিপূৰ্ণ ট্ৰেক্টৰ সমদলত অংশগ্ৰহণ কৰিব। এই বিষয়ে সদৰী কৰিছে সংযুক্ত কিষাণ মৰ্চাই।

পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলে যোৱা বছৰৰ ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ সীমাত তিনিখন কৃষক আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে।

আন্দোলনৰ নেতৃত্ব দিয়া সংযুক্ত কিষাণ মৰ্চাই আজি এক বৈঠকৰ পিছত ট্ৰেক্টৰ সমদলৰ কথা ঘোষণা কৰে।

এক বিবৃতিত সংস্থাটোৱে কয় যে প্ৰতিবাদী কৃষকসকলে সমগ্ৰ ভাৰতত ২৬ নৱেম্বৰৰ পৰা তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব।

সংযুক্ত কিষাণ মৰ্চাই সিদ্ধান্ত লয় যে ২৯ নৱেম্বৰৰ পৰা শীতকালীন সংসদ অধিৱেশনৰ শেষলৈকে ৫০০ জন নিৰ্বাচিত কৃষক স্বেচ্ছাসেৱকে প্ৰতিদিনে ট্ৰেক্টৰ ট্ৰলীত শান্তিপূৰ্ণভাৱে আৰু সম্পূৰ্ণ অনুশাসনেৰে সংসদলৈ যাব, ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰতিবাদ সাব্যস্ত কৰিব।

“সমগ্ৰ দেশৰ কৃষকসকলে যি দাবীৰ বাবে এক ঐতিহাসিক সংগ্ৰাম আৰম্ভ কৰিছে সেই দাবী মানি ল’বলৈ বাধ্য কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত চাপ বৃদ্ধিৰ বাবে এই পদক্ষেপ লোৱা হ’ব।”— বিবৃতিটোত উল্লেখ কৰা হৈছে।

ইয়াৰ পূৰ্বে মাৰ্চ মাহত কৃষকসকলে বিতৰ্কিত তিনিখন কৃষি আইনৰ বিৰোধিতাৰে সংসদলৈ পদযাত্ৰা কৰিছিল।

এই বৰ্ষৰে গণৰাজ্য দিৱসত প্ৰতিবাদকাৰীসকলে দিল্লীত এক জংগী আন্দোলন গঢ়ি তুলিছিল।

এছকেএমৰ বিবৃতিত কোৱা হৈছে যে ২৬ নৱেম্বৰত দিল্লীৰ সকলো সীমাত পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু ৰাজস্থানৰ পৰা অহা কৃষকৰ দ্বাৰা বৃহৎ সংগ্ৰাম হ’ব।

এছকেএমৰ অন্তৰ্গত ৪০ টা কৃষক সংগঠনে ২৬ নৱেম্বৰত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰিব। এই সংগ্ৰামত এতিয়ালৈকে ৬৫০ ৰো অধিক শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব বুলি বিবৃতিটোত সদৰী কৰিছে। ২৬ নৱেম্বৰত ৰাজধানী চহৰখনত বৃহৎ মহাপঞ্চায়তৰ আহ্বান জনাইছে সংযুক্ত কিষাণ মৰ্চাই।

উল্লেখ্য যে, সংসদৰ শীতকালীন অধিৱেশন ২৯ নৱেম্বৰত আৰম্ভ হ’ব আৰু ২৩ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব।