NORTHEAST NOW (Assamese)

স্লোভেনিয়াৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নাটাছা; আছিল মেলানিয়া ট্ৰাম্পৰ অধিবক্তা

November 14, 2022 8:47 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ অধিবক্তা নাটাছা পিৰক মুছাৰ স্লোভেনিয়াৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে।

নাটাছা আইনী বৃত্তিৰ লগতে এগৰাকী সাংবাদিকো। তেওঁ স্লোভেনিয়াৰ বামপন্থী চৰকাৰৰ সমৰ্থনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

তেওঁ দেশৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী এঞ্জেন লোগাৰক পৰাজিত কৰিছে। নাটাছাই ৫৪ শতাংশ ভোট লাভ কৰিছে।

বিজয়ৰ পিছত নাটাছাই কয়, “ইউৰোপীয় ইউনিয়নৰ গণতান্ত্ৰিক মূল্যবোধৰ বাবে স্লোভেনিয়াই তেওঁলোকৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰিছে।”

তেওঁ জলবায়ু পৰিৱৰ্তনৰ বিষয়টোও উল্লেখ কৰে আৰু কয় যে ইয়াৰ ফলস্বৰূপে পৃথিৱীখন কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুন্দৰ আৰু স্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

Related News