• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2025 10:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ তেওঁ। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন। আইচিচিৰ ৰেংকিঙত শীৰ্ষ স্থান দখল কৰিছে স্মৃতি মান্ধনাই। বৰ বেছি দিনৰ আগৰ কথা নহয়। স্মৃতি মান্ধনা মানে সদায় বাতৰিৰ শিৰোনামত।

এইবাৰ পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে মহিলা ক্ৰিকেট তাৰকা মোহময়ী স্মৃতি মান্ধনাই। ছচিয়েল মিডিয়াত পোষ্ট কৰি তেওঁ দীৰ্ঘদিনীয়া প্ৰেমিকক সন্মুখলৈ আনিলে। বৰঞ্চ কোৱা ভাল হ’ব যে তেওঁ নিজৰ প্ৰেমিকক নিজৰ অনুৰাগীৰ লগত চিনাকি কৰাই দিলে।

শুকুৰবাৰে স্মৃতি মান্ধনাৰ ২৯ সংখ্যক জন্মদিন আছিল। সংগীত পৰিচালক পলাশ মুছালে ছ’চিয়েল মিডিয়াত শুভেচ্ছা জনায়। তেওঁ মান্ধনাক “মোৰ শক্তি আৰু আটাইতকৈ ডাঙৰ চিয়াৰলিডাৰ” বুলি অভিহিত কৰে।

মুছালে লিখিছে, “আৰম্ভণিৰে পৰাই তুমি মোৰ শান্তি আৰু আনন্দ। মোৰ আটাইতকৈ ডাঙৰ চিয়াৰলিডাৰ। তুমি মোক অনুপ্ৰাণিত কৰা। খেলপথাৰৰ ভিতৰত আৰু বাহিৰতো কেনেকৈ চাপৰ মাজত আগবাঢ়িব লাগে তুমি মোক দেখুৱাইছা। মই তোমাৰ পৰাদেখিছো যে শান্ত হোৱাৰ পৰা কেনেকৈ শক্তিশালী হ’ব পাৰি। জন্মদিনৰ শুভেচ্ছা স্মৃতি।”

এই শুভেচ্ছাৰ সৈতে কণ্ঠশিল্পীগৰাকীয়ে এটা প্ৰেমৰ ইমোজিও শ্বেয়াৰ কৰিছে। স্মৃতি মান্ধনাই তেওঁক প্ৰেমৰ ইমোজিৰে ধন্যবাদ জনায়। ইফালে, ২২ মে’ত স্মৃতিয়ে পলাশৰ সৈতে এখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। সেই ছবিখনেই আছিল প্ৰথম। তাৰ পিছৰে পৰা দুয়োৰে ছবিখনক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। স্মৃতিৰ জন্মদিনত পলাশৰ শুভেচ্ছাই যেন সেই জল্পনা-কল্পনাৰ ওপৰত ছীলমোহৰ মাৰিলে।

ইংলেণ্ডৰ মাটিত গৈ শতক অৰ্জন কৰিছিল মান্ধনাই। তাৰকা ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে কয় যে তেওঁৰ সতীৰ্থসকলৰ হেঁচাই তেওঁক শতক অৰ্জন কৰাত সহায় কৰিছিল।

শতকৰ পিছতে মান্ধনাই কৈছিল, “ৰাধা যাদৱ আৰু মই কথা পাতি আছিলো। এই ছোৱালীবোৰে মোক মাজে মাজে বকাবকি কৰে। তাই মোক কৈছিল, টি-২০ত শতক অৰ্জন কৰাৰ এইটোৱেই সৰ্বোত্তম সময়, স্মৃতি। তুমি ৭০-৮০ৰ ঘৰতে আউট হৈছা। তুমি তোমাৰ প্ৰতিভাৰ সৈতে একেবাৰেই ন্যায় কৰা নাই।”

ইয়াৰ উত্তৰত মান্ধনাই কয়, “মই ক’লো, ঠিক আছে ৰাধা। এতিয়া চাম। এইবাৰ মই ছিৰিজৰ এখন মেচত শতক অৰ্জন কৰিবলৈ চেষ্টা কৰিম।” যেনে কথা তেনে কাম। প্ৰথমখন মেচত মান্ধনাই এক দুৰ্দান্ত শতক অৰ্জন কৰিছিল। তেওঁ কৈছে, ”যোৱা ১০ বছৰত মই ৭০-৮০ৰ ঘৰতে আউট হৈ গৈছো। ই হতাশাজনক। মই সুখী যে মই ক্ৰীজত টিকি থাকি শতক অৰ্জন কৰিছো।”

View this post on Instagram

A post shared by Palaash Muchhal (@palash_muchhal)

আনকি ধন-সম্পত্তিৰ ক্ষেত্ৰতো বহু পুৰুষ ক্ৰিকেটাৰক টক্কৰ দিব পাৰে স্মৃতি মান্ধনাই। স্মৃতি দেশৰ মহিলা ক্ৰিকেটাৰৰ ভিতৰত আটাইতকৈ ধনী ক্ৰিকেটাৰ। স্মৃতিৰ ধনৰ পৰিমান ভাৰতীয় টকাত প্ৰায় ৩৩ কোটি। স্মৃতিয়ে ব’ৰ্ডৰ বাৰ্ষিক চুক্তি, মহিলা প্ৰিমিয়াৰ লীগৰ ধন আৰু বিজ্ঞাপনৰ পৰা উপাৰ্জন কৰে। ভাৰতীয় ক্ৰিকেট দলৰ উপ অধিনায়ক স্মৃতি কেৱল দলটোৰ এগৰাকী গুৰুত্বপূৰ্ণ ক্ৰিকেটাৰেই নহয়, মহিলা ক্ৰিকেটত যুৱ প্ৰজন্মৰ আইকনো।

স্মৃতিয়ে এই পৰ্যন্ত ৭খন টেষ্টত ৬২৯ ৰান সংগ্ৰহ কৰিছে। ১০২ খন এদিনীয়া মেচত ৪৪৭৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও ১৪৮ খন টি-২০ মেচত ৩৭৬১ ৰান সংগ্ৰহ কৰিছে। স্মৃতিৰ কেৰিয়াৰত সকলো ফৰ্মেট মিলি ১৩টা শতক আছে।

বিচিচিআইৰ চুক্তিত গ্ৰেড এ-ত অন্তৰ্ভুক্ত হৈছে স্মৃতি। বছৰি ৫০ লাখ টকা উপাৰ্জন কৰে। মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনত স্মৃতি আছিল আটাইতকৈ দামী ক্ৰিকেটাৰ। ৩.৪ কোটি টকাত চুক্তিবদ্ধ হৈছিল স্মৃতি। পৰৱৰ্তী তিনিটা ছিজনত স্মৃতিয়ে মুঠ ১০ কোটিৰো অধিক উপাৰ্জন কৰিছে।

এই বাওঁহাতীয়া অ’পেনাৰগৰাকীয়ে মুঠ ধন আৰু সম্পত্তিৰ নিৰিখত বহু পুৰুষ ক্ৰিকেটাৰক সহজেই অতিক্ৰম কৰিব পাৰে। স্মৃতি মান্ধনাই জন্মদিনত বহিঃজগতৰ আগত নিজৰ মনৰ মানুহজনক পৰিচয় কৰাই দিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

September 7, 2025 8:56 am
বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

September 7, 2025 8:11 am
মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

September 7, 2025 7:15 am
ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

September 7, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

September 7, 2025 8:56 am
বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

September 7, 2025 8:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd