অসমৰ দুখীয়া খেতিয়কৰ সাৰ ধনীয়ে খোৱা ড্ৰাগচ হৈছেগৈ ম্যানমাৰত

অসমত সক্ৰিয় হৈ আছে আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰীৰ দল, আৰু দুখীয়া খেতিয়কৰ বাবে অহা বৃ্হৎ পৰিমাণৰ ৰেহাই দৰৰ সাৰ চোৰাংকৈ নি ড্ৰাগচ প্ৰস্তুতিত ব্যৱহাৰ হৈছেগৈ ম্যানমাৰত।

কোকৰাঝাৰৰ চেৰফাংগুৰিত যোৱা ১১ জুনত অসম আৰক্ষীয়ে জব্দ কৰিছিল তিনিখনকৈ সাৰভৰ্তি ট্ৰাক। এই বৃহৎ পৰিমাণৰ সাৰ পৰিবহণৰ বাবে কিন্তু নাছিল কোনো নথি-পত্ৰ।

গোপন সূত্ৰৰ পম খেদি কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে অভিযানটোৰ নেতৃত্ব দিছিল. আৰু AS 01 KC 5547, AS 01 KC 5557 আৰু AS 19 AC 1171 নম্বৰৰ ট্ৰাককেইখন কব্জা কৰিবলৈ সক্ষম হৈছিল।

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা অনুসৰি, বিহাৰৰ গণেশ এণ্টাৰপ্ৰাইজ নামৰ এটা সাৰ যোগান প্ৰতিষ্ঠানে শিলিগুৰিৰ পৰা সাৰখিনি প্ৰেৰণ কৰিছিল।

চেৰফাংগুৰিত জব্দ হোৱা সাৰখিনিৰ প্ৰকৃত উৎস আছিল উত্তৰ প্ৰদেশস্থিত IFFCO (Indian Farmers Fertiliser Cooperative)ৰ ফুলপুৰ কেন্দ্ৰ।

ট্ৰাক চালক আৰু সহযোগীকেইজনক জেহিৰুল ইছলাম, আমিনুল হক, ফিৰদৌচ আলি, আব্দুল বাৰিক, গুলজাৰ হুছেইন আৰু জামান আলি বুলি চিনাক্ত কৰা হৈছে।

ট্ৰাক চালক আৰু সহযোগীকেইজন।

চালককেইজনে প্ৰথমে সামগ্ৰীখিনি চাউল বুলি দাবী কৰিছিল আৰু সেয়া শিলচৰৰ মহামায়া ট্ৰে’দাৰছৰ বাবে পৰিবহণ কৰা বুলি কৈছিল।

পিছত ট্ৰাক চালককেইজনৰ স্বীকাৰোক্তিত পোহৰলৈ আহে যে সাৰখিনি আচলতে লৈ গৈ থকা হৈছিল মিজোৰামৰ পূব চাম্ফাইত থকা এটা গুদামলৈ। গুদামটো ম্যানমাৰ সীমান্তৰ পৰা দুই কিঃ মিঃ দূৰৰ।

১১ জুনত চেৰফাংগুৰিত জব্দ কৰা ট্ৰাক তিনিখন আচলতে কেঁচুহে, সাপ ওলাবলৈ এতিয়াও বাকী।

খবৰ মতে, জনৈক চিৰ’হিয়া এন্দ চানজ লিমিটেদৰ হৈ ট্ৰাককেইখনে যোৱা এবছৰ ধৰি বৰপেটা আৰু শিলচৰৰ পৰা চাম্ফাই চহৰৰ সমীপৰ বিভিন্ন গুদামলৈ বৃ্হৎ পৰিমাণৰ সাৰ সৰবৰাহ কৰি আহিছে।

শূল্ক (প্ৰতিৰোধ) বিষয়াৰ মতে, অসমৰ পৰা বিশেষকৈ শিলচৰৰ পৰা ম্যানমাৰলৈ সাৰ সৰবৰাহত এক বৃ্হৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জৰিত হৈ আছে।

মন ভাল লগোৱা দ্ৰাগচ য়াবা (Metamphetamine) প্ৰস্তুতিত সাধাৰণতে এনহাইদ্ৰাচ এমনিয়া ব্যৱহাৰ কৰা হয়। কিন্তু ম্যানমাৰৰ দ্ৰাগ সম্ৰাটসকলে সাৰ বিশেষকৈ ইউৰিয়াৰ পৰা এই অবৈধ দ্ৰাগচবিধ তৈয়াৰ কৰাৰ এক কৌশল উলিয়াইছে।

এনহাইদ্ৰাচ এম’নিয়া যিহেতু ইউৰিয়া উৎপাদনৰ প্ৰধান সমল, সেয়ে দ্ৰাগ সম্ৰাটসকলে কিছুমান অসাধু সাৰ ব্যৱসায়ীৰ সৈতে লগ-লাগি এই বৃ্হৎ পৰিমাণৰ সাৰ সৰকাই নি আছে।

খবৰ মতে এই চোৰাং কাৰবাৰীসকলে মিজোৰামৰ অংশৰ পৰাও বৃ্হৎ পৰিমাণৰ সাৰ সৰকাই নিয়ে।

ম্যানমাৰত কৃষি খণ্ডত ৰসায়নিক সাৰৰ প্ৰয়োগ চকুত পৰাকৈ কম, সেয়ে স্বাভাৱিকতে প্ৰশ্ন হয় ভাৰতৰ পৰা চোৰাংকৈ নিয়া ইউৰিয়াৰ শেষ ব্যৱহাৰ কি?

ভাৰতত ইউৰিয়াৰ ক্ষেত্ৰত চৰকাৰে বৃহৎ ৰাজসাহায্য প্ৰদান কৰে আৰু বৰ্তমান তাৰ সৰ্বোচ্চ খুচুৰা মূল্য প্ৰতি টনত মাত্ৰ ৫,৩৬০টকা। খেতিয়কক প্ৰদানৰ বাবে প্ৰতি বছৰে চৰকাৰে প্ৰায় ৭০,০০০ কোটি টকা ব্যয় কৰে।

চোৰাং কাৰবাৰীয়ে ম্যানমাৰলৈ বৃ্হৎ পৰিমাণে সাৰ নি থকাৰ বিপৰীতে অসমৰ দৰিদ্ৰ খেতিয়ক আৰু চাহ বাগানবোৰ যোৱা দুমাহ ধৰি ইউৰিয়া নাটনিত ভুগি আছে।

সূত্ৰ মতে, নামৰূপৰ ব্ৰহ্মপুত্ৰ সাৰ নিগম লিমিটেদৰ মূল ইউৰিয়া গোট (গোট ৩)টোৰ উৎপাদন যোৱা এপ্ৰিলৰ পৰা বন্ধ হৈ আছে। নামৰূপৰ কাৰখানাটো দেশৰ আটাইতকৈ পুৰণা গেছ-ভিত্তিক সাৰ প্ৰকল্প।

যোৱা ১৯ মে’ত এক প্ৰবল বিস্ফোৰণৰ পিছত কাৰখানাটোৰ এমনিয়া ইউৰিয়া প্ৰস্তুতকাৰী ২ নং গোটটোও বন্ধ হৈ পৰে। দুয়োটা গোটে মিলি বছৰত ৩.২লাখ মেত্ৰিক টন ইউৰিয়া উৎপাদন কৰিছিল।

কেন্দ্ৰটোৰ সৰ্বোচ্চ ক্ষমতা ৫.৫৫ লাখ মেত্ৰিক টনৰ তুলনাত এই উৎপাদন তেনেই নগণ্য। ফলত পশ্চিম বংগ, বিহাৰ আৰু ঝাৰখণ্ডৰ দৰে প্ৰধান গ্ৰাহক ৰাজ্যসমূহৰ পৰা অহা ইউৰিয়াৰ বৃ্হৎ চাহিদা কেন্দ্ৰটোৱে মিতাব পৰা নাই।

অসমৰ কৃষি বিভাগো সাৰ কাৰখানাটোৰ এই হঠাৎ স্তব্ধতাৰ বাবে সাজু নাছিল, আৰু কৃষিকালীন সময়ৰ সময়ৰ চাহিদা পূৰাব পৰাকৈ তেওঁলোকে ইন্দিয়ান পতাচ লিমিটেদ বা IFFCOৰ ওচৰতো কোনো অৰ্দাৰ দিয়া নাছিল।

ইউৰিয়াত চৰকাৰে ইমান ৰাজসাহায্য বহন কৰি অহাৰ পিছতো অসমৰ খেতিয়ক আৰু চাহ বাগানসমূহে ক’লা বজাৰৰ পৰা সাৰ কিনিবলৈ বাধ্য হৈছে।

অসমত বছৰি সাৰৰ প্ৰয়োজন প্ৰায় ৫ লাখ মেট্ৰিক টন, আৰু অসমৰ সাৰ কাৰখানাটো বন্ধ হোৱাটো খেতিয়ক আৰু বাগানসমূহৰ বাবে ভূতৰ ওপৰত দানহৰ দৰে হৈছে।