NORTHEAST NOW (Assamese)

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ হেৰ’ইন, সোণ, অবৈধ চিকিৎসা সঁজুলিঃ পাঁচজনক গ্ৰেপ্তাৰ

January 6, 2024 7:33 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’লৱে আৰক্ষী আৰু ৰে’লৱে সুৰক্ষা বাহিনীৰ যৌথ প্ৰচেষ্টাত বিফল হৈছে একাধিক চোৰাং ব্যৱসায়ৰ চেষ্টা।

ৰে’লৱে আৰক্ষী আৰু ৰে’লৱে সুৰক্ষা বাহিনীৰ তৎপৰতাত গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ হৈছে নিষিদ্ধ হেৰ’ইন, চোৰাং সোণ আৰু বহু অবৈধ চিকিৎসা সঁজুলি।

প্ৰকাশিত খবৰ অনুসৰি, নিৰাপত্তা বাহিনীয়ে অৱধ আছাম এক্সপ্ৰেছৰ পৰা প্ৰায় ৩২৮ গ্ৰাম ওজনৰ দুটা সোণৰ বিস্কুট জব্দ কৰে।

চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা অবৈধভাৱে এই সোণখিনি লৈ অলটাৰ খান নামৰ এজন চোৰাং ব্যৱসায়ীয়ে লৈ অহা বুলি প্ৰকাশ পাইছে।

আনহাতে ৰে’লৱে আৰক্ষী আৰু ৰে’লৱে সুৰক্ষা বাহিনীৰ যৌথ অভিযানত ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা ছয় পেকেট হেৰ’ইন জব্দ কৰা হয়।

সাগৰ বৰ্ধন আৰু ৰবি ৰায় নামৰ দুজন ব্যক্তিয়ে আগৰতলাৰ পৰা সৰবৰাহ কৰিছিল এই নিচাজাতীয় সামগ্ৰীখিনি। আৰক্ষীয়ে লগে লগে দুয়োকে গ্ৰেপ্তাৰ কৰে।

ইফালে কামাখ্যা ৰেলৱে ষ্টেচনত ৰাহুল দাস আৰু নিটন আলী নামৰ দুজন ব্যক্তিক ১২ লাখ টকাৰো অধিক মূল্যৰ অকৰ্তৃত্বশীল চিকিৎসা সঁজুলি সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

Related News