• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আকাশমাৰ্গতে খুলি পৰিল বিমানৰ দুৱাৰঃ যাত্ৰীৰ হাহাকাৰৰ মাজতে জৰুৰী অৱতৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2024 8:09 pm
Alaska Airlines
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰণৰ কিছু সময়ৰ পিছতে আকাশমাৰ্গত আলাস্কা এয়াৰলাইন্সৰ এখন বিমানৰ দুৱাৰ খুলি পৰা ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। এই ঘটনাৰ ভিডিঅ’ই বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ।

এই আকস্মিক ঘটনা সংঘটিত হয় আলাস্কা এয়াৰলাইন্সৰ বয়িং ৭৩৭-৯ মেক্স বিমানত। বিমানখন উৰণৰ কিছু সময় পিছতে আকাশমাৰ্গতে মিড কেবিনৰ এখন দুৱাৰ বিমানখনৰ পৰা সম্পূৰ্ণৰূপে পৃথক হৈ পৰে।

Apply Now

বিমানখন পোৰ্টলেণ্ডৰ পৰা অণ্টাৰিঅ’লৈ উৰা মৰাৰ কিছু সময় পিছতে এই বিপৰ্যয়ৰ সন্মুখীন হয়। অৱশ্যে এই আতংকজনক পৰিস্থিতিৰ মাজতো পাইলটসকলে বিমানখন নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হয়।

তথ্য অনুসৰি বিমানখনত ঘটনাৰ সময়ত আছিল মুঠ ১৭৪ জন যাত্ৰী আৰু ছয়জন ক্ৰু মেম্বাৰ। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে পাইলটে দক্ষতাৰে বিমানখন পুনৰ পোৰ্টলেণ্ড বিমানবন্দৰত অৱতৰণ কৰে।

বিমানখনত থকা কোনো লোকেই গুৰুতৰভাৱে আহত হোৱা নাই বুলি খবৰ প্ৰকাশ পাইছে। ঘটনাৰ পিছতে আলাস্কা এয়াৰলাইন্সৰ চিইঅ’ বেন মিনিকুচিয়ে এক আনুষ্ঠানিক বিবৃতি যোগে ঘটনাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে।

ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ড আৰু ফেডাৰেল বিমান প্ৰশাসনে এই অনুষ্ঠানৰ তদন্ত কৰি আছে বুলি সদৰী কৰি তেওঁ লগতে তদন্তত সম্পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে।

প্ৰতিখন বিমানক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা পৰিদৰ্শনৰ পিছত সেৱালৈ ঘূৰাই অনা হ’ব বুলি আশ্বাস দি মিনিকুচিয়ে লগতে বিমানখনৰ যাত্ৰীসকলৰ ওচৰত ঘটনাৰ বাবে ক্ষমা বিচাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd