মাৰ্ঘেৰিটাত অভিনৱ পন্থাৰে সৰবৰাহ চোৰাং কয়লা, জব্দ এখন যাত্ৰীবাহী মেজিক

Smuggling coal in Margherita in innovative manner

মাৰ্ঘেৰিটা মহকুমাত চোৰাং কয়লা সৰবৰাহকাৰীয়ে বিভিন্ন সময়ত বিভিন্ন কৌশলেৰে কয়লা সৰবৰাহ কৰি আহিছে। বিভিন্ন সময়ত পোহৰলৈ আহে এনে অভিনৱ পন্থা।

মাৰ্ঘেৰিটাত বালি চটিয়াই তলত কয়লা বোজাই সৰবৰাহ, কেচা চাহঁপাত ছটিয়াই কাঠ সৰবৰাহ ইতিমধ্যে পোহৰলৈ আহিছে। এইবাৰ মাৰ্ঘেৰিটাত পোহৰলৈ আহিছে চোৰাং কয়লা সৰবৰাহৰ এক অভিনৱ পন্থা।

এখন যাত্ৰীবাহী মেজিক গাড়ী। নম্বৰ AS23 CC 5224 । গাড়ী ভিতৰৰ মুকলি অংশত বস্তুাই বস্তাই কয়লা। অসাধু ব্যৱসায়ীয়ে এই অভিনৱ পদ্ধতিৰে কয়লা সৰবৰাহ কৰিবলৈ লওঁতেই পৰিল জালত।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোৱঁৰৰ নেতৃত্বত এটি আৰক্ষী দলে অভিযান চলাই শুকুৰবাৰে নিশা নামদাঙত জব্দ কৰে গাড়ীসহ কয়লাখিনি।

অৱশ্যে বাতৰি লেখা সময়লৈকে এই সৰবৰাহৰ সৈতে জড়িত কোনো লোক আটক হোৱা নাই। আনফালে আৰক্ষীয়ে এখন ছোটা হাতী গাড়ীত কঢ়িওঁৱা অৱস্থাত জব্দ কৰে জ্বলা কয়লা। নম্বৰবিহীন গাড়ী খনৰ সৈতে দুজনক আটক কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী সক্ৰিয় হোৱাৰ বিপৰীতে চোৰাং সামগ্ৰী সৰবৰাহৰ ন ন অভিনৱ পন্থা অৱলম্বন কৰিছে চোৰাং ব্যৱসায়ীয়ে।