শিৱসাগৰত ধুমুহাৰ ৰূপত “চিলনী” চোৰ; পুনৰ থপিয়াই লুট তিনি লাখ টকা

Sneak thieves on the prowl in Sivasagar, loot continues unabated

প্ৰতীকী ছবি।

শিৱসাগৰত চলি থকা চোৰৰ সন্ত্ৰাসৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰ চহৰখনত বৃহস্পতিবাৰে দিন-দুপৰতে পুনৰ এজন ব্যক্তিৰ পৰা থপিয়াই নিছে ৩ লাখ টকা।

ঘটনাৰ বিৱৰণী মতে, নগৰৰ মুক্তিনাথ চাৰিআলিত থকা পঞ্জাব নেচনেল বেংকৰ পৰা ধনখিনি উলিয়াই বেংকৰ চিৰি পাৰ হৈ ৰাজপথ দিশে গৈ থাকোতেই ঘটনাটো সংঘটিত হয়।

ন’ এন্ত্ৰিৰ দিশৰ পৰা এখন পালছাৰ বাইকত অহা দুজন যুৱকে নিতু গগৈ নামৰ ব্যক্তিজনৰ হাতৰ পৰা ধনৰ মোনা থপিয়াই উধাও হয়।

গগৈৰ ঘৰ শিৱসাগৰ গেলেকীৰ লাহন গাঁৱত। আকস্মিক ঘটনাটোত হতভম্ব হৈ পৰা গগৈয়ে ততাতৈয়াকৈ বেংক কৰ্তৃপক্ষক ঘটনাটোৰ বিষয়ে অৱগত কৰে।

বেংক কৰ্তৃপক্ষই শিৱসাগৰ সদৰ আৰক্ষী থানাক ঘটনাটো অৱগত কৰে আৰু কিছু সময় পিছত আৰক্ষীৰ এটা দলে আহি নিতু গগৈৰ ভাষ্য সংগ্ৰহ কৰে।

লগতে পঢ়ক– শিৱসাগৰত কুখ্যাত আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ কাণ্ড: অমানৱীয় বিভাগীয় শাস্তিৰে মৃত্যুলৈ ঠেলিলে জোৱানক

লগতে পঢ়ক– শিৱসাগৰ নগৰত এতিয়া নিশা হ’লেই চোৰৰ ভয়; অসহায় আৰক্ষী

লগতে পঢ়ক– শিৱসাগৰত চোৰৰ তাণ্ডৱত অসহায় আৰক্ষী; চিলনী চোৰে থপিয়াই নিলে টকাৰ বেগ

দুদিন পূৰ্বে শিৱসাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত চিলনী চোৰ কমিল বুলি কোৱাৰ কেইঘণ্টামান পিছতেই কেন্দ্ৰীয় বজাৰৰ সমীপত এজন ব্যক্তিৰ টকাৰ বেগ চোৰে থপিয়াই নিছিল।

বিগত কিছু বছৰ ধৰি শিৱসাগৰত চিলনী চোৰৰ বহু ঘটনা সংঘটিত হৈ আছে যদিও আৰক্ষীয়ে এটাও চিলনী চোৰ ধৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উঠিছে।