NORTHEAST NOW (Assamese)

“থলুৱা মুছলমানলৈ বাজেটত বহুতো সা-সুবিধা”, ‘ইণ্ডিয়া টুডে’ত হিমন্তৰ মিথ্যাচাৰ; বাৰ্ষিক ভাট্টা পাব লগীয়া ১৬০টাৰ মাত্ৰ দুটাহে ইছলামিক ধৰ্মানুষ্ঠান

March 2, 2019 6:27 pm · এন ই নাও নিউজ
Updated: March 2, 2019 6:29 pm
ইণ্ডিয়া টুডেৰ অনুষ্ঠানটোৰ এটা দৃশ্য। ফটোৰ উৎস : ইণ্ডিয়া টুডে।

‘ইণ্ডিয়া টুডে’ই কালি অনুষ্ঠিত কৰা এটা আলোচনাত ভাগ লৈ অসমৰ বিজেপি মন্ত্ৰী হিমন্ত বিশ্বই নিজৰ বক্তব্যত আকৌ এবাৰ মিথ্যাচাৰৰ আশ্ৰয় ল’লে। লেখক, সাংবাদিক ৰাজদীপ সৰদেশায়ে আঁত ধৰা অনুষ্ঠানটোত মন্ত্ৰী হিমন্তৰ উপৰি মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু হাইদৰাবাদৰ সাংসদ আছাদউদ্দিন ওৱেছিছো উপস্থিত আছিল।

তিনি বছৰৰ ভিতৰতে এজন কট্টৰপন্থী হিন্দুত্ববাদী হৈ পৰা মন্ত্ৰী হিমন্তই অনুষ্ঠানটোত বিজেপিৰ আৰু নিজৰ মুছলিম বিদ্বেষ নাই বুলি ক’বলৈ গৈ থলুৱা মুছলমানসকলৰ বাবে যোৱা অসম বাজেটত বহুতো সা-সুবিধা দিয়া হৈছে বুলি দাবী কৰে। বিত্ত মন্ত্ৰীজনে নিজৰ এই বক্তব্য আজি তেওঁৰ ছ’চিয়েল মিডিয়া পেইজতো পোষ্ট কৰে।

“আমি শেহতীয়া অসম বাজেটত থলুৱা মুছলমানৰ বাবে বহুতো সা-সুবিধা আগ বঢ়াইছো (We’ve given so many privileges to indigenous Muslims in recent Assam Budget.)।”, বিত্ত মন্ত্ৰীজনৰ দাবী। তেওঁ “আমি বাংলাদেশী মুছলমানৰহে বিৰোধী, মুছলমানৰ নহয়” বুলি কোৱাৰ পিছতে এই মন্তব্য কৰে।

কিন্তু মন্ত্ৰীজনৰ আন বহু কথাৰ দৰেই এই দাবীও যে এটা মিথ্যাচাৰ আৰু মানুহক আভুৱা ভাঁৰাৰ চেষ্টা তেওঁৰ বাজেটখনলৈ ঘূৰি চালেই প্ৰমাণ পোৱা যায়।

বাজেটত থলুৱা মুছলমানৰ উন্নতিৰ বাবে কেতবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যদিও, সেইবোৰ কেৱল প্ৰতিশ্ৰুতিহে। বাজেটখনত “আমি খিলঞ্জীয়া মুছলমানৰ সুবিধাৰ্থে এক উন্নয়ন ক’ৰ্প’ৰেইশ্যন স্থাপন কৰিম” বুলিহে উল্লেখ কৰা হৈছে। ক’ৰ্প’ৰেইশ্যন গঠন কৰাৰ লগে লগে ১০০ কোটি টকা আবণ্টন দিয়া হ’ব বুলি কোৱা হৈছে। ইয়াৰ কোনো স্পষ্টতা নাই। সময়-নিৰ্দিষ্ট লক্ষ্যও নাই।

ইপিনে বাজেটত ‘অসম দৰ্শন’ নামৰ এখন আঁচনি লৈ তাত সমগ্ৰ ৰাজ্যৰ বিভিন্ন ধৰ্মস্থানসমূহলৈ বাৰ্ষিক অনুদান বৃদ্ধি কৰি পূৰ্বৰ ৩ হাজাৰ টকাৰ ঠাইত ২ লাখ টকা কৰা হৈছে। লগতে এইবোৰত চি চি টি ভি লগোৱাৰ বাবত ১ লাখকৈ টকা দিয়া হ’ব বুলিও ঘোষণা কৰা হৈছে। কিন্ত এই অনুদান পোৱা ১৬০টা ধৰ্মীয় স্থানৰ ভিতৰত ইচলাম ধৰ্মীয় অনুষ্ঠান কেৱল কামৰূপ জিলাৰ চিৰাকন্দি মচজিদ আৰু কৰিমগঞ্জ জিলাৰ আছিমা ছিনিঔৰ মাদ্ৰাছাই স্থান পাইছে।

মন কৰিব লগীয়া যে মুছলমানৰ বেদখলৰ বাবে মইনবৰী সত্ৰ নিজৰ ঠাইৰ পৰা উঠি যাব লগীয়া হৈছে বুলি মিথ্যাচাৰেৰে সাম্প্ৰদায়িক ৰাজনীতি কৰা হিমন্তৰ বাজেটত বাৰ্ষিক অনুদান পোৱা ধৰ্মীয় অনুষ্ঠানৰ তালিকাত নাই বৰপেটা জিলাৰ সত্ৰখনৰ নামো।

আনহাতে ‘অসম দৰ্শন’ আঁচনিৰ অধীনতে নিৰ্বাচিত ধৰ্মীয় স্থানসমূহৰ বুনিয়াদী আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ১০ লাখকৈ টকাৰ অনুদান ঘোষণা কৰা হৈছে। এই তালিকাত অন্তৰ্ভুক্ত হোৱা ইচলাম ধৰ্মীয় অনুষ্ঠানৰ সংখ্যাও তেনেই নগণ্য।

আকৌ, বৰপেটাৰ মইনবৰী সত্ৰও অন্তৰ্ভুক্ত হোৱা নাই এইখন তালিকাতো।

ৰাজনৈতিক মুনাফা আদায়ৰ বাবে মন্ত্ৰীজনে সত্ৰখন মুছলমানৰ বেদখলৰ বাবে স্থানান্তৰিত হ’ব লগীয়া হ’ল বুলি কোৱাৰ পিছতো নিজৰে বাজেটত কোনো অনুদানৰ বাবে অন্তৰ্ভুক্ত নকৰিলে।

অৱশ্যে, মন্ত্ৰীজনে বাজেট ভাষণত “অসমৰ দৰে বিশাল ভৌগোলিক এলেকাৰ সকলো গুৰুত্বপূৰ্ণ স্থানৰ সম্পূৰ্ণ তালিকা এখন এবাৰতে প্ৰস্তুত কৰাটো মোৰ বাবে সম্ভৱ নহয়।” বুলি এটা স্বীকাৰোক্তি দিছে। কিন্তু মইনবৰী সত্ৰৰ বাবে দুখত কাতৰ হৈ থকা মন্ত্ৰীজনে সত্ৰখনক পাহৰাটো নিশ্চয় চকুত পৰিব লগীয়া কথা।

Related News