‘বলাই সিংহ’ হিচাপে পৰিচিত বিশিষ্ট সমাজকৰ্মী পৰিমল কান্তি সিংহৰ মৃত্যু: শোকস্তব্ধ চাপৰ

জননেতা শৰৎ চন্দ্ৰ সিংহৰ একান্ত অনুগামী ,চাপৰৰ বিশিষ্ট সমাজকৰ্মী তথা চাপৰ-হিতৈষী পৰিমল কান্তি সিংহ (৭৫)ৰ হৃদক্ৰিয়া বন্ধ হৈ নিজা বাসগৃহতে দেহাৱসান ঘটে।

স্থানীয় ভাৱে ‘বলাই সিংহ’ হিচাপে পৰিচিত তথা জনপ্ৰিয় পৰিমল কান্তি সিংহৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ চাপৰ অঞ্চলতে শোকৰ ছাঁ পৰে ।

উল্লেখ্য যে ১৯৪৭ ৰ ২ আগষ্টত চাপৰৰ ভকত গাঁৱত জন্মগ্ৰহণ কৰা পৰিমল কান্তি সিংহই জনমভূমি ভকত গাঁৱতে প্ৰাথমিক শিক্ষা সাং কৰি কোকৰাঝাৰ জিলাৰ শক্তিআশ্ৰম হাই স্কুলত হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰে।

তাৰ পাছত ধুবুৰীৰ বি, এন কলেজত বিজ্ঞান শাখাত প্ৰাক-বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে।

পাছলৈ শিক্ষা জীৱন সামৰি নিজাববীয়াকৈ ঠিকাদাৰী আৰম্ভ কৰি সিংহই কৰ্মজীৱনৰ পাতনি মেলে।ব্যৱসায়িক জীৱনৰ সমান্তৰালকৈ সিংহই চাপৰৰ প্ৰায় প্ৰতিটো সামাজিক কৰ্মৰ সৈতে জড়িত থকাৰ লগতে প্ৰায় প্ৰতিগৰাকী চাপৰবাসীৰে সুখ-দুখত একাত্ম হৈ এগৰাকী প্ৰকৃত চাপৰ-হিতৈষী ৰূপে পৰিগণিত হৈছিল।

নিজৰ স্বভাৱসুলভ ৰসিকতাৰে সকলোবয়সৰে ব্যক্তিৰ সৈতে তেওঁ কৰা বাৰ্তালাপে সকলোকে আপোন কৰি লৈছিল।

সঁচা অৰ্থৰ এগৰাকী সৰবৰহী ব্যক্তি পৰিমল কান্তি সিংহৰ আকস্মিক বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন দলসংগঠনৰ লগতে বহু সংখ্যক গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে।

‘আক্ৰাছু’ ৰ ধুবুৰী পূব জিলা সমিতিৰ সম্পাদক অনন্ত ৰায় সহ সংগঠনটোৰ বিষয়ববীয়া তেওঁৰ বাসগৃহত উপস্থিত হৈ সংগঠনটোৰ পতাকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁৰ মৃত্যুত চাপৰ প্ৰেছ ক্লাব, চাপৰ সাহিত্য সভা, অগপ আৰু এন, চি, পি দলৰ চাপৰ আঞ্চলিক সমিতি কৃষক অধিকাৰ সুৰক্ষা সমিতি আদিকে ধৰি বহু দল সংগঠন আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

মৃত্যুৰ সময়ত সিংহই অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী সহ দুই পুত্ৰ আৰু বহু সংখ্যক নিকটাত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।