সামাজিক অৱক্ষয় নে দায়িত্বজ্ঞানহীনতা! অনলাইন জুৱা এপৰ বিজ্ঞাপন দি নিলম্বিত অসম আৰক্ষীৰ বীৰাংগনা

প্ৰেক্ষাপটত এইবাৰ অসম আৰক্ষীৰ বীৰাংগনা পাপৰি কলিতা৷সামাজিক মাধ্যম ইউটিউব,ফেইচবুক আৰু ইনষ্টাগ্ৰামত ‘কুঁহি’ নামেৰে খ্যাত ইনফ্লুৱেনচাৰ পাপৰি কলিতা এইবাৰ স্বয়ং অসম আৰক্ষীৰ ৰোষত পৰিছে৷

শেহতীয়াকৈ নিজৰ জীৱনমূলক বিভিন্ন ভিডিঅ’ আপলোড কৰি জনপ্ৰিয়তা অৰ্জন কৰা পাপৰি কলিতাক অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন কৰা হৈছে৷অনলাইন বেটিং এপৰ বিজ্ঞাপন প্ৰদান কৰা বাবে কামাণ্ডোগৰাকীক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে৷

কিন্তু প্ৰশ্নৰ উদয় হৈছে যে কিহৰ তাড়নাত পৰি এগৰাকী অসম আৰক্ষীত কৰ্মৰত জোৱানে অনলাইন জুৱাৰ বিজ্ঞাপন দিবলগীয়া হ’ল?টকা-পইচাৰ নাটনি নে সামাজিক সচেতনবোধৰ অভাৱ!বিগত সময়চোৱাত নিজৰ কৰ্মৰ জৰিয়তে ভাল টকাপইচা উপাৰ্জন কৰা বহুজন ইনফ্লুৱেনচাৰ শিক্ষক বা চৰকাৰী কৰ্মচাৰীয়ে অনলাইন বেটিঙৰ প্ৰমোচন কৰে৷ইয়াৰ কাৰণ জানো সমাজৰ প্ৰতি দায়িত্বজ্ঞানহীনতাই নহয়৷সেয়েহে এই বিষয়ক লৈ বৰ্তমান সামাজিক মাধ্যমত বাৰুকৈয়ে চৰ্চা চলিছে৷