APW-ৰ সভাপতি অভিজিৎ শৰ্মা নিৰুদ্দেশ বুলি ফেইচবুক পোষ্ট; বিজেপিৰ দালাল আখ্যা

Abhijit Sarma Missing

এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মা নিৰুদ্দেশ বুলি ফেইচবুকত দিয়া কিছমান পোষ্টা আৰু কমেণ্টৰ সংগ্ৰহ।

আলফা, পৰেশ বৰুৱা, NRC আদি বিষয়ত সততে সংবাদমেল দি সৰৱ হৈ অহা এ পি ডব্লিউ নামৰ সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মা নিৰুদ্দেশ হোৱা বুলি ফেইচবুকত অনেক পোষ্ট দিয়া দেখা গৈছে।

বিশেষকৈ “কেব”-এ মাতি অনা জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত ৰহস্যজনক নীৰৱতা অৱলম্বন কৰা বাবে ছ’চিয়েল মিডিয়াত নেতাজনক(?) ইতিকিং কৰিছে য়ুজাৰসকলে।

মন কৰিব লগীয়া যে নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমীয়া ভাষা, সংস্কৃতি, সমাজলৈ সংকট অনাটো নিশ্চিত যদিও সততে সংবাদমেল দিয়া শৰ্মাই ইয়াৰ বিৰোধিতা কৰি এষাৰো মাত দিয়া নাই।

আনহাতে যোৱা দুই-তিনি দিন ধৰি অসমৰ পৰিস্থিতি অগ্নিময় যদিও অভিজিত শৰ্মাৰ ৰাজহুৱা আত্মপ্ৰকাশ ঘটা নাই, যাৰ বাবে বিভিন্নজনে তেওঁৰ স্থিতিক লৈ সন্দেহমূলক প্ৰশ্নৰ অৱতাৰণা কৰিছে। তেওঁৰ ৰহস্যজনক ভূমিকাত ক্ষুব্ধ কিছুমান লোকক ছ’চিয়েল মিডিয়াত মুকলিকৈ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে, অতি অমাৰ্জিত ভাষাৰে।

“APW-ৰ সভাপতি অভিজিৎ শৰ্মা নিৰুদ্দেশ”, “এইজন ক’ত হেৰাল?” আদি শিৰোনামেৰে শৰ্মাৰ ফটোসহ অনেক পোষ্ট দেখা গৈছে ফেইচবুকত।

শৰ্মাৰ ফটোখন দি এজনে কৈছে, “এই ব্যক্তিজন নিৰুদ্দেশ বুলি খবৰ ওলাইছে”।

এই পোষ্টবোৰত বেছিভাগ মন্তব্যকাৰীয়েই শৰ্মাক অতি বেয়াকৈ ককৰ্থনা কৰিছে। কেবক লৈ ক্ষুভিত হৈ থকা য়ুজাৰসকলক প্ৰায়ে শালীনতাৰ সীমা চেৰাই অশ্লীল শব্দ প্ৰয়োগ কৰা দেখা গৈছে।

“ই এটা দালাল”, “বিজেপিৰ এজেণ্ট”, “বিজেপিৰ দালাল”, “বিজেপিৰ চুৱা চেলেকা”, “বাংলাদেশীৰ দালাল”, আদি প্ৰায়বোৰ কমেণ্টৰ শব্দই ভদ্ৰতাৰ সীমাডাল হেৰাই গৈছে।

এজনৰ মন্তব্য, “ই এটা দালাল। এইটো এটা সংগঠন নহয়, তাৰ ব্যক্তিগত কোম্পানি।”

“ই মাল খাই পৰি আছে”, আন এজনৰ মন্তব্য।

আন এজনৰ মন্তব্য, “ই হাজেলাক বিচাৰি গৈছে”।

“ই এটা দালাল, চান্দা মাষ্টাৰ”, এজনে নিজৰ মন্তব্যত কয়।