ঝাৰখণ্ডৰ নিৰ্বাচনী ফলক দেশজুৰি উদযাপন ছ’চিয়েল মিডিয়া য়ুজাৰৰ

টুইটাৰৰ ইণ্ডিয়াৰ ট্ৰেণ্ডৰ শীৰ্ষত সৰু ৰাজ্যখনৰ নিৰ্বাচনী খবৰ; এগৰাকী টুইটাৰ য়ুজাৰে পোষ্ট- "Retweet If you're living in a BJP free state"

Modi vs Hemanta Soren

মাত্ৰ ৮১খন বিধানসভাৰ আসন থকা ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফলক আজি দেশৰ বিভিন্ন ঠাইৰ ছ’চিয়েল মিডিয়া য়ুজাৰে উদযাপন কৰা দেখা গৈছে।

আয়তনত সৰু হ’লেও ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলে সমগ্ৰ দেশৰে শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি জনগণৰ মতৰ উপযুক্ত প্ৰকাশ বুলি দাবী কৰিছে ছ’চিয়েল মিডিয়া য়ুজাৰে।

টুইটাৰত আজি এই বিষয়টো (#JharkhandElectionResults) ভাৰতীয় ট্ৰেণ্ডৰো শীৰ্ষত আছে।

ৰাজ্যখনত কংগ্ৰেছ+জে এম এম+আৰ জে ডিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰাৰ পিছত বিভিন্নজনে ইয়াৰ বাবে আনন্দ প্ৰকাশ কৰিছে।

এগৰাকী টুইটাৰ য়ুজাৰে পোষ্ট দিছে এইবুলি RT If you’re living in a BJP free state.

বিভিন্ন ৰাজ্যৰ পৰা টুইটাৰ য়ুজাৰে নিজৰ ৰাজ্যখন “বিজেপিমুক্ত” বুলি তেওঁৰ টুইটটোৰ ৰিপ্লাই দিয়া দেখা গৈছে। এওঁলোক মহাৰাষ্ট্ৰ, পশ্চিমবংগ, কেৰালা আদিৰ বিভিন্ন ৰাজ্যৰ।

কিছুমান উত্তৰ বেচ আকৰ্ষণীয়। অন্ধ্ৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰা এজন য়ুজাৰে কৈছে, “মই বিজেপিমুক্ত ৰাজ্যত বাস কৰো নে নাই নাজানো… আমাৰ মুখ্য মন্ত্ৰীয়ে সকলো ক্ষেত্ৰতে বিজেপিক সমৰ্থন কৰিছে। (I dnt knw if i m living in a bjp mukt state..Our CM has supported BJP on all fronts!! Andhra Pradesh!!)।

তামিল নাডুৰ এজনৰ উত্তৰ, “মই এখন অৰ্ধ-বিজেপি ৰাজ্য তামিল নাডুত বাস কৰো। মই ৰিটুইটৰ বাবে উপযুক্ত নে?” (I live in TN, a quasi BJP state. Am I qualified to retweet??).

মূল টুইটটো কৰা Arya (thecuriouself) নামৰ নিজকে আইনৰ ছাত্ৰী, সমাজকৰ্মী বুলি পৰিচয় ৰখা মহিলাগৰাকীয়ে সন্মতিসূচক উত্তৰ দি ৰাজ্যখনক প্ৰতিৰোধৰ মূল কেন্দ্ৰ (hub) বুলি কৈছে।

তাৎপৰ্য্যপূৰ্ণ উত্তৰ দিছে আন এজন য়ুজাৰে, তেওঁ কৈছে, “but you are living in India”.

এইবোৰৰ উপৰি বিজেপি আৰু মোদীৰ ৰাজনীতিক সাম্প্ৰদায়িক আৰু ভাৰতত ইয়াৰ অপ্ৰাসংগিকতা দোহাৰিছে বহুতো য়ুজাৰে। চোকা কটাক্ষ কৰা হৈছে গেৰুৱা নেতা আৰু অনুগামীসকলক।

অৱশ্যে সংখ্যাত কম হ’লেও বিজেপিৰ সমৰ্থকে কংগ্ৰেছক “জে এম এমৰ ভৰি চেলেকা” আদি বিশেষণ দিবলৈ এৰা নাই।

এজন বিজেপিৰ সমৰ্থকৰ অভিমত, “ছেকুলাৰিজম নহয় হিন্দুত্বক মূল নীতি কৰিলেহে বিজেপিৰ জয় সম্ভৱ, সেই কথা ঝাৰখণ্ডৰ ফলাফলে প্ৰমাণ কৰিছে”।

মন কৰিব লগীয়া কথাটো হ’ল, ৩০ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে ৫টা পৰ্য্যায়ত হোৱা ঝাৰখণ্ড নিৰ্বাচনত মোদী আৰু অমিত শ্বাহে কেইবাবাৰো ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। মোদীৰ ভাষণত তিনি তালাক, অনুচ্ছেদ ৩৭০ বাতিল, ৰাম মন্দিৰ, নাগৰিকত্ব (সংশোধন) আইনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ে ঠাই পাইছিল।

একাধিকবাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাজ্যখনলৈ যোৱা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল, “আমি নাগৰিকত্ব সংশোধনী আইনখন আনিলো আৰু কংগ্ৰেছৰ পেটৰ বিষ হৈছে আৰু ইয়াৰ বিৰুদ্ধে হিংসাত্মক আন্দোলনক উচটনি দিছে”।

উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে ১৭ ডিচেম্বৰত এখন নিৰ্বাচনী সভাত ভাগ লৈ কৈছিল, “কোনোবা ইৰফান আনছাৰিয়ে (কংগ্ৰেছ প্ৰাৰ্থী) ৰাম মন্দিৰ বনাবলৈ সহায় কৰিব নে বীন্দা মণ্ডলে (বিজেপি প্ৰাৰ্থী) কৰিব?”

তেওঁ কোনো ৰামভক্তই ইৰফান আনছাৰিক ভোট নিদিয়ে বুলিও মন্তব্য কৰিছিল। আজি ঘোষিত ফলাফলত ইৰফান আনছাৰি জয়ী হয় প্ৰায় ৩১ হাজাৰ ভোটৰ ব্যৱধানত।

টুইটাৰত এখন সৰু ৰাজ্যৰ নিৰ্বাচনী ফলাফলে ইমান বেছিকৈ চৰ্চাত থকাটো ৰাজনীতি যে বৰ্তমান প্ৰজন্মৰ চিন্তাস্ৰোতৰ এটা প্ৰধান সুঁতি হৈ পৰিছে, সেই কথাও প্ৰমাণ কৰে।

বিজেপিৰ হাতৰ পৰা এই ৰাজ্যখন আঁতৰি যোৱাৰ পিছত বিজেপিয়ে শাসন কৰা বা শাসনৰ অংশীদাৰ হোৱা ৰাজ্যৰ সংখ্যা ১৫খনলৈ হ্ৰাস পালে।