NORTHEAST NOW (Assamese)

ৰাণু মণ্ডলৰ নতুন মেক-আপক লৈ ছ’চিয়েল মিডিয়াত অশোভনীয় ব্যংগ-বিদ্ৰূপৰ জোৱাৰ

November 17, 2019 5:02 pm · এন ই নাও নিউজ
Updated: November 17, 2019 7:09 pm

ভাৰতৰ ছ’চিয়েল মিডিয়া য়ুজাৰসকলক আশা কৰাতকৈ সোনকালেই ৰাণু মণ্ডলৰ প্ৰতিভাক একাষৰীয়া কৰি তেওঁৰ চেহেৰা আৰু সাজপাৰ কেন্দ্ৰিক তুচ্ছ আলোচনাত ব্যস্ত হৈ পৰা দেখা গৈছে।

যোৱা কেইবাদিন ধৰি ৰাণুক ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণে উপহাস কৰা হৈছে। এজন অনুৰাগীক অশভোনীয় ব্যৱহাৰ কৰা, অনুৰাগীৰ সৈতে ছেলফি উঠিবলৈ অস্বীকাৰ কৰা ইত্যাদি সৰু-সুৰা কথাক লৈ টুইটাৰত ৰাণুক বিদ্ৰূপ আৰু ভেৰাকূটি কৰি বিভিন্ন টুইট দিয়া হৈছে আৰু বিভিন্ন ব্যংগচিত্ৰও আপল’ড কৰা হৈছে।

শেহতীয়াকৈ ৰাণুৰ অত্যধিক মেইক-আপ কৰা মুখমণ্ডলৰ এখন ফটোক লৈও ছ’চিয়েল মিডিয়া য়ুজাৰ ব্যস্ত হৈ পৰিছে হাস্য-ব্যংগ কৰাত।

এটা বিৰল শুৱলা কণ্ঠৰ অধিকাৰী ৰাণুৱে পশ্চিম বংগৰ ৰাণাঘাট ৰে’ল ষ্টেইশ্যনত গান গাই থকা মুহূৰ্তত এজন লোকে ফেইচবুক লাইভ কৰাত তেওঁ কেইদিন মানৰ ভিতৰতে গোটেই দেশবাসীৰ পৰিচিত হৈ উঠিছিল।

তাৰ পিছতে তেওঁক বলিউডত গান গোৱাৰো একাধিক সুযোগ দিয়া হয়। তেওঁ যথেষ্ট ধনো লাভ কৰে পাৰিশ্ৰমিক হিচাপে আৰু এগৰাকী চেলিব্ৰেটিৰ দৰে হৈ পৰে। এই আকস্মিক পৰিৱৰ্তন তেওঁৰ চাল-চলন, আশা-আকাংক্ষাতো ফুটি উঠা বুলি কোৱা হয়।

কিন্তু কম শিক্ষা-দীক্ষা থকা বাবে আৰু তথাকথিত নগৰীয়া “সভ্যতা”ৰ সৈতে সু-অভ্যস্ত নোহোৱা ৰাণুৱে মাজে মাজে খাপ নোখোৱা ধৰণৰ বা অবাঞ্ছিত ধৰণৰ মনোভাবৰ (attitude) বহিঃপ্ৰকাশ ঘটাই আহিছে, যিটো অলপো পলম নকৰি ছ’চিয়েল মিডিয়া য়ুজাৰে গায়িকাগৰাকীক হেয় কৰিবলৈ ব্যৱহাৰ কৰি আহিছে।

শেহতীয়াকৈ এই মে’ক আপ কেন্দ্ৰিক চৰ্চাত তেওঁক য়ুজাৰসকলে “নান”, “লেডি জ’কাৰ” আদি অপমানজনক শব্দ ব্যৱহাৰ কৰা দেখা গৈছে।

অৱশ্যে সকলোৱে যে এনেকুৱা কৰিছে বা কোনেও যে ৰাণুৰ প্ৰতি হোৱা এই অন্যায়ৰ প্ৰতিবাদ কৰা নাই তেনে নহয়। বহুতে তেওঁৰ প্ৰতিভাক এতিয়াও অগ্ৰাহ্য কৰা নাই বা “এক প্যাৰ কা নাগমা হ্যে”ৰ মিঠা আৱেদনক এতিয়াও উপেক্ষা কৰা নাই।

গায়িকাগৰাকীৰ প্ৰতিভাকহে অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়ো বহুতো পোষ্ট আৰু মন্তব্য দেখা যায়।

এজন য়ুজাৰে কৈছে, “তোমালোকক ধিক্কাৰ দিছো, যিসকলে এগৰাকী মহিলাক ট্ৰ’ল কৰিবলৈ এই অশোভনীয় আৰু কাল্পনিক ভেৰাকুটিবোৰ ব্যৱহাৰ কৰিছা।”

আন এগৰাকীয়ে কৈছে, “তেওঁৰ চেহেৰা আৰু সাজপাৰক নহয়, প্ৰতিভাক গুৰুত্ব দিয়ক।”

সুনীতা সিং নামৰ এগৰাকী মহিলাই কৈছে, “ষ্টেইশ্যনেই ঠিক আছিল, এই দুৰ্ভগীয়া মহিলাগৰাকীয়ে একো নাজানে তেওঁক কেন্দ্ৰ কৰি কিবোৰ হৈ আছে।”

উল্লেখযোগ্য যে বহুল পৰিচিতি লাভেৰে আজিৰ স্থানলৈ অহাৰ পূৰ্বে বিৰাট প্ৰতিভা থকা সত্ত্বেও জীৱনৰ পাঁচটা দশক ৰাজহুৱা দৃষ্টিৰ আঁতৰত দুখ-কষ্টৰ জীৱন পাৰ কৰিছিল ৰাণুৱে। তেওঁ ৰেইল ষ্টেইশ্যনটোত গান গাই ভিক্ষা খুজি জীৱন কটাইছিল।

Related News