NORTHEAST NOW (Assamese)

সমাজকৰ্মী লুকী চৌধুৰীৰ মৃত্যু, গুণমুগ্ধৰ শোক

May 11, 2021 7:08 am · এন ই নাও নিউজ
লুকী চৌধুৰী।

সমাজকৰ্মী লুকী চৌধুৰী আৰু নাই।

দেওবাৰে গুৰুগ্ৰামত অসমৰ এইগৰাকী বৰ্ষীয়ান সমাজকৰ্মীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত চৌধুৰীৰ বয়স হৈছিল ৮১ বছৰ ।

অসমৰ সমাজসেৱাৰ ক্ষেত্ৰ খনৰ সৈতে আজীৱন জৰিত হৈ থকা লুকী চৌধুৰীয়ে মৃত্যুৰ সময়ত পুত্ৰ সঞ্জয় চৌধুৰী, কন্যা নীতা কাশ্যপ, জোঁৱাই সিদ্ধাৰ্থ কাশ্যপ,বোৱাৰীয়েক মণিদীপা চৌধুৰী, নাতিনীয়েক মিৰায়া কাশ্যপৰ লগতে বহু আত্মীয়ত এহ সংসাৰত এৰি থৈ গৈছে।

১৯৩৯ চনত জন্মগ্ৰহণ কৰা লুকী চৌধুৰীয়ে প্ৰয়াত কিৰনানন্দ চৌধুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

তেওঁ ৰায় বাহাদুৰ মানিক চন্দ্ৰ বৰুৱাৰ নাতিনীয়েক আছিল।

কৈশোৰৰ সৰহভাগ সময় কলকাতাত পাৰ কৰা লুকী চৌধুৰীয়ে অতি কম বয়সৰ পৰাই সমাজসেৱাৰ সৈতে জৰিত হৈ পৰিছিল।

উদাৰমনা মহিলাগৰাকীৰ মৃত্যুত তেওঁৰ গুণমুগ্ধসকল শোকত ম্ৰিয়মান হৈ পৰিছে।

Related News