দেশজুৰি চলি থকা কৃষক বিক্ষোভত চামিল সেনা জোৱান, তদন্তৰ নিৰ্দেশ

পঞ্জাৱত চলি থকা কৃষকৰ আন্দোলনত সেনাৰ য়ুনিফৰ্মত এজন লোকৰ ফটো ভাইৰেল হোৱাৰ কেইদিনমান পিছতে অনুসন্ধানকাৰী সংস্থাসমূহে জানিবলৈ আৰম্ভ কৰিছে যে ফটোৰ ব্যক্তিজন সেনাত কৰ্মৰত নে অইন কিবা।

নৰ্থ আৰু চেণ্ট্ৰেল কমাণ্ডৰ প্ৰাক্তন জিঅ’চি-ইন-চি লেফটেনেণ্ট জেনেৰেল এচএছ পনাগ (ৰিটায়েৰ্ড)এ টুইটাৰত লিখিছে যে বিষয়টোৰ তদন্ত কৰিব লাগে।

তেওঁ লগতে কয় যে সেনাৰ স্পষ্ট নিয়ম আছে যে সেৱাৰত কৰ্মীসকলে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰে।

তেওঁ পৰৱৰ্তী টুইটত কয়, ‘অনুসন্ধান কৰক আৰু অনুশাসনমূলক পদক্ষেপ লওক। সেনাৰ স্পষ্ট নিয়ম আৰু আইন আছে যাক আপোচ কৰিব নোৱাৰি’।

সেনাৰ য়ুনিফৰ্মত থকা ব্যক্তিজনৰ ছবিখনে ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল আৰু বহু বাতৰিকাকতো ছপা হৈছিল।

ছবিত দেখা পোৱা ব্যক্তিজন এজন শিখ, যাক পোষ্টাৰ এখন ধৰি থকা দেখা যায়।

পোষ্টাৰখনত লিখা আছে, ‘মোৰ পিতৃ এজন কৃষক। যদি তেওঁ এজন উগ্ৰপন্থী হয়, তেন্তে ময়ো এজন উগ্ৰপন্থী।

উল্লেখ্য যে সোমবাৰে তেওঁ বাথিণ্ডাস্থিত উপায়ুক্তৰ কাৰ্য্যালয়ৰ বাহিৰত হৈ থকা কৃষক আন্দোলনত অংশগ্ৰহণ কৰিছিল।

ব্যক্তিজনে সেনাৰ য়ুনিফৰ্ম পিন্ধি আছিল আৰু য়ুনিফৰ্মৰ ওপৰত নাম টেগ এটা লাগি আছিল।

ইফালে আন এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত একে-৪৭ ধৰণৰ ৰাইফলৰ সৈতে দুজন সেনা জোৱানে বলিউদৰ অভিনেত্ৰী কংগনা ৰানাৱতৰ কৃষকৰ আন্দোলনৰ ওপৰত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া কৰিছিল।

অভিনেতাজনৰ মন্তব্যক লৈ যথেষ্ট বিতৰ্ক হৈছিল।

সশস্ত্ৰ বাহিনীৰ নিয়ম অনুসৰি কৰ্মৰত সৈনিকে আন্দোলনত অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰে।

উল্লেখ্য যে মোদী চৰকাৰে অনা তিনিখন নতুন কষি আইনক কেন্দ্র কৰি দিল্লীৰ সীমাত তিনি সপ্তাহ ধৰি প্রতিবাদ অব্যাহত ৰাখিছে হাজাৰ-হাজাৰ কৃষকে।