এফালে মুখ্য মন্ত্ৰীৰ কংগ্ৰেছ দলক ‘বেইমান’ আখ্যা আনফালে বিজেপি-কংগ্ৰেছী কৰ্মীয়ে মিলি প্ৰহাৰ কৰিলে অগপ কৰ্মীক

২০ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছ দলক ‘বেইমান’ বুলি কটাক্ষ কৰাৰ সময়তে বটদ্ৰৱাত দেখা গ’ল ইয়াৰ এক বিৰীত ছবি।

বটদ্ৱা বিধানসভা সমষ্টিৰ দলংঘাট উন্নয়নখণ্ডৰ অন্তৰ্গত হাতীযুঁজুৱা গাঁও পঞ্চায়তত অনুষ্ঠিত এক গাঁওসভাত বিজেপি আৰু কংগ্ৰেছী কৰ্মীয়ে মিলি অগপৰ কৰ্মীক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে।

উল্লেখযোগ্য যে ২১ ডিচেম্বৰত হাতীযুঁজুৱা গাঁও পঞ্চায়ত সচিব প্ৰবীণ শইকীয়াই চৰকাৰী নিৰ্দেশ মৰ্মে এখন গাঁও সভাৰ আহ্বান কৰিছিল। সভাখনত নিয়ম অনুসৰি সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত সভানেত্ৰীৰ পদ দখল কৰা চেলিমা বেগমৰ নামটো গাঁওসভাখন চলাই নিবৰ বাবে প্ৰস্তাৱিত কৰা হয়।

ফলত এই কথাতে সভাত উপস্থিত থকা একাংশ বিজেপি আৰু কংগ্ৰেছ দলৰ নেতা-কৰ্মী ক্ষুব্ধ হৈ পৰে আৰু পঞ্চায়ত সচিবজনৰ পৰা সভাৰ কাৰ্যসূচীখন কাঢ়ি আনিব খোজে। কিন্তু এই কথাত সভাত উপস্থিত স্থানীয় অগপ নেতা মনচুৰ আলী আহমেদে প্ৰতিবাদ কৰে।

মন কৰিব লগীয়া যে অগপ নেতা মনচুৰ আলীয়ে প্ৰতিবাদ কৰাত জনৈক আলী উপাধিৰ এজন বিজেপি নেতাই বুকুত ধৰি সভাৰ মঞ্চৰ পৰা নমাই আনে আৰু একাংশ বিজেপি আৰু কংগ্ৰেছী কৰ্মীয়ে মিলি বেয়াকৈ প্ৰহাৰ কৰে। এই ঘটনাত মনচুৰ আলীৰ লগতে আন এজন অগপ কৰ্মী বৰকট আলীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

বিজেপি-কংগ্ৰেছী কৰ্মীৰ আক্ৰমণত বুকু আৰু মূৰত গুৰুতৰভাৱে আহত অগপ কৰ্মী দুজনক নগাঁও ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে এই ঘটনাত একাংশ উত্তেজিত লোকে গাঁও সভাৰ চকী-টেবুল ভাঙি লণ্ডভণ্ড কৰে। পিছত ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইফালে বিজেপি দলে গাঁওসভালৈ তেওঁলোকক নিমন্ত্ৰণ নিদিয়া বুলি অভিযোগ কৰাৰ লগতে নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ শপত গ্ৰহণ নোহোৱাকৈ কিয় গাঁওসভা অনুষ্ঠিত কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে। বিজেপি দলে অগপৰ কৰ্মীৰ আক্ৰমণত তেওঁ‌লোকৰ দুজন কৰ্মী আহত হোৱা বুলিও প্ৰতি অঠিযোগ আনিছে৷

স্থানীয় ৰাইজে ঘটনা যিয়েই সংঘটিত নহওক কিন্তু গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সমষ্টিত শেহতীয়াভাৱে বৃদ্ধি পোৱা ৰাজনৈতিক অহিষ্ণুতা আৰু আক্ৰোশমূলক ঘটনাত উদ্বিগ্ন হৈ পৰিছে আৰু দোষীক উপযুক্ত শাস্তি প্ৰদানৰ আহ্বান জনায়।

আনহাতে এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে অগপ দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নগাঁও অসামৰিক চিকিৎসালয়ত আহত লোক কেইজনৰ চিকিৎসাৰ বুজ লোৱাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তীব্ৰ গৰিহণা দি আৰু তদন্ত দাবী জনায়।