চাওঁতে চাওঁতে অন্ত পৰিল এটা বছৰ। নতুন বছৰকটোক আদৰি ল’বলৈ সাজু হৈছে সকলো। তাৰ মাজতে মানুহে গণিছে পাৰ হৈ যোৱা বছৰটোত পোৱা-নোপোৱাৰ হিচাপ। মনত পেলাইছে এৰি অহা বসন্তৰ স্মৃতি। দেশবাসীয়ে মনত পেলাইছে সময়ৰ আঙুলিৰ ফাঁকেৰে সৰকি যোৱা বছৰটোৱে আমাৰ মাজৰ পৰা সময়ে কাঢ়ি লৈ যোৱা দেশৰ কেইজনমান স্বনামধন্য ব্যক্তিক। যিসকল ব্যক্তিৰ মৃত্যু দেশবাসীৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰ’ব।
মনমোহন সিং
মনমোহন সিঙৰ এটা অতি দুখীয়া পৰিয়ালত জন্ম হৈছিল। অতি কষ্টৰে সিঙে পঞ্জাব বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰাৰ পাছত ইংলেণ্ডস্থিত কেম্ৰিজ আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। সিঙে একনিষ্ঠভাৱে নিজৰ বিষয় অৰ্থনীতিৰ চৰ্চা কৰি থকাৰ বাবে চৰকাৰৰ লগত জড়িত হৈ পৰে। চৰকাৰৰ লগত জড়িত হোৱাৰ পাছত প্ৰথমে বিত্ত বিভাগৰ উপদেষ্টাৰ পৰা শেষত প্ৰধানমন্ত্ৰী হোৱালৈ এক বৰ্ণিল পৰিক্ৰমাৰ যাত্ৰী হৈ পৰে ডঃ সিং। এইখিনিতে হয়টো প্ৰশ্নৰ উদয় হয় যে অতি মৃদুভাষী আৰু সৎ ব্যক্তিত্ব ডঃ সিঙৰ দেশৰ প্ৰতি অৱদান কি আছিল? ইয়াৰ উত্তৰ হ’ল- যেতিয়া ভাৰত এক অৰ্থনৈতিক সংকটত নিমজ্জিত হৈ পৰিছিল, বিদেশী ৰাষ্ট্ৰত সোণ বন্ধকত থ’বলগীয়া পৰিস্থিতৰ উদ্ভৱ হৈছিল সেই ভাঙি যাব খোজা অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে সিঙে কৰা অহোপুৰুষাৰ্থ উল্লেখযোগ্য। সেই সময়ত সিঙে দেশত অৰ্থনীতি উদাৰীকৰণৰ নীতি গ্ৰহণ কৰে যাৰ ফলত ভাৰতীয় অৰ্থনীতিত বিদেশী পুঁজিৰ বিনিয়োগৰ বাট প্ৰশস্ত হয়। কিন্তু মনমোহন সিঙে এই কথা ভালদৰেই জানিছিল যে যেতিয়া অৰ্থনীতিৰ উদাৰীকৰণ কৰা হয় তেতিয়া বিদেশী কৰ্পৰেট গোষ্ঠী বিলাকে বিনিয়োগ কৰে, যিসকলৰ মুখ্য উদ্দেশ্য হ’ল লাভ উপাৰ্জন। এই উন্নয়নৰ প্ৰক্ৰিয়াই যাতে সাধাৰণ জনতাক বেয়াকৈ প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে- মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত কৰণ আঁচনি(এনৰেগা) আৰম্ভ কৰে। তাৰপাছত সিঙে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ বিকাশৰ বাবে ২০০৯ চনত শিক্ষাৰ অধিকাৰ আইন আৰু ২০১৩ চনত ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন প্ৰণয়ন কৰে। তদুপৰি প্ৰশাসনজনিত খাম-খেয়ালি ৰোধ আৰু সাধাৰণ লোকৰ প্ৰশ্নৰ সমিধানস্বৰূপে ২০০৫ চনত তথ্য জনাৰ অধিকাৰ আইন আৰম্ভ কৰে। পৰিবেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ‘অৰণ্য আইন’ ৰূপায়ণ কৰে। ইয়াৰোপৰি দৰিদ্ৰ জনতাৰ সুস্বাস্থ্যৰ বাবে ২০১৩চনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন বলৱৎ কৰে। এই দুৰদৰ্শিতাৰ বাবে ডঃ সিঙৰ মৃত্যুৰ পাছত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে আৰু তেখেতৰ এইসমূহ অৱদান দেশে সদায় মনত ৰাখিব।
শ্যাম বেনেগাল
১৯৭০-ৰ দশকৰ পৰৱৰ্তী কালৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে শ্যাম বেনেগালক বহুলভাৱে গণ্য কৰা হয়। বিশেষকৈ ৮০-ৰ দশকত বম্বেমাৰ্কা চিনেমাৰ কাহিনী আছিল মূলতঃ ফেমিলী ড্ৰামা আৰু একশ্যনপূৰ্ণ কিন্তু বেনেগালে সেই সোঁতৰ পৰা আঁতৰি সমাজৰ বাস্তৱৰ সৈতে ৰজিতা খোৱা বা সমাজৰ সমস্যাক প্ৰতিনিধিত্ব কৰা চিনেমা নিৰ্মাণ কৰিছিল। নাছিৰুদ্দিন শ্বাহ, স্মৃতা পাটিল আদিৰ দৰে অভিনেতাকো বেনেগালে মাৰ্গদশৰ্ন কৰিছিল। বেনেগালৰ প্ৰথম চাৰিখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি অংকুৰ (১৯৭৩), নিশান্ত (১৯৭৫), মন্থন (১৯৭৬) আৰু ভূমিকাই (১৯৭৭) তেওঁক সেই সময়ৰ নতুন ঢৌৰ চলচ্চিত্ৰ আন্দোলনৰ পথ প্ৰদৰ্শক কৰি তুলিছিল। বেনেগালৰ মৃত্যু দেশৰ বাবে এক অপূৰ্ণ ক্ষতি।
ৰতন টাটা
ৰতন টাটাক ১৯৯১ চনত জেআৰডি টাটাই টাটা চন্সৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। উল্লেখযোগ্য যে ৰতন টাটাৰ পূৰ্বে জেআৰডি টাটাই ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থা এয়াৰ ইণ্ডিয়া প্ৰতিষ্ঠা কৰিছিল আৰু টাটা ষ্টীলৰ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, যাৰ ফলত টাটা ষ্টীল বিশ্বৰ অন্যতম আগশাৰীৰ তীখা উৎপাদনকাৰী প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছিল। তেখেতে টাটা মটৰ্ছৰ বিকাশতো যথেষ্ট সহায় কৰিছিল। কিন্তু উত্তৰাধিকাৰ হিচাপে ৰতন টাটাই টাটা গ্ৰুপৰ নেতৃত্ব দিয়া ২১ বছৰত ৰাজহ ৪০ গুণতকৈও অধিক বৃদ্ধি পায়, আৰু লাভ ৫০ গুণতকৈও অধিক বৃদ্ধি পায়। তেওঁ টাটা টি টেটলি, টাটা মটৰছ জাগুয়াৰ লেণ্ড ৰভাৰ, টাটা ষ্টীল আৰু কোৰাছ গ্ৰুপ পিএলচি কোৰাছ আদিক নব্য ৰূপ দিছিল। এই কামসমূহে টাটাক বহুলাংশে ভাৰতকেন্দ্ৰিক ব্যৱসায়িক গোটৰ পৰা বিশ্বব্যাপী ব্যৱসায়ত স্থান দিছিল, য’ত ৬৫%তকৈ অধিক ৰাজহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচালনা আৰু বিক্ৰীৰ পৰা আহিছিল। ৰতন টাটাৰ সময়ত ভাৰতৰ অন্যতম পুৰণি আৰু বিশিষ্ট সংস্থা টাটা ট্ৰাষ্টে নিজৰ সামাজিক প্ৰভাৱ বহু পৰিমাণে বৃদ্ধি কৰিছিল। ৰতন টাটাই শিক্ষা, স্বাস্থ্যসেৱা, গ্ৰাম্য উন্নয়ন, আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ সবলীকৰণৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল।
সীতাৰাম য়েচুৰী
বিশিষ্ট ৰাজনীতিবিদ তথা সদ্যপ্ৰয়াত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ নেতা সীতাৰাম য়েচুৰীয়ে সামাজিক ন্যায়, শ্ৰমিকৰ অধিকাৰ, সম বিকাশৰ পোষকতাৰে নিজৰ জীৱনকালত ৰাষ্ট্ৰ নিৰ্মাণত উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে। চিপিআই(এম)ৰ অতি কঠিন সময়ত নেতৃত্ব দি সাধাৰণ সম্পাদক হিচাপে য়েচুৰীয়ে নিজৰ ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দি গৈছে। জেএনইউৰ এজন ছাত্ৰনেতাৰ পৰা ভাৰতীয় ৰাজনীতিত মৰ্চা চৰকাৰৰ অংশীদাৰলৈ য়েচুৰীৰ ৰাজনৈতিক পৰিক্ৰমা অতি স্বচ্চ আৰু নিকা ভাৱমূৰ্তিৰ।
জাকিৰ হুছেইন
ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ব্যতিক্ৰমী কলাত্মক প্ৰদৰ্শন আৰু উদ্ভাৱনৰ বাবে বিখ্যাত জাকিৰ হুছেইন আছিল এজন সাংগীতিক কিম্বদন্তি। পিতৃ উস্তাদ আল্লাহ ৰাখাৰ পৰা উত্তৰাধিকাৰী সূত্ৰে জাকিৰ হুছেইনে লাভ কৰিছিল সংগীত। পৰম্পৰাগত ভাৰতীয় ঠাচক বিশ্বব্যাপী সংগীতৰ প্ৰভাৱৰ সৈতে মিশ্ৰণ কৰাৰ ক্ষমতাই তেওঁক বিশ্ব সংগীতৰ পুৰুধা ব্যক্তিত্ব কৰি তুলিছিল। পণ্ডিত ৰবি শংকৰ, জন মেকলাফলিন, জৰ্জ হেৰিছনৰ দৰে ব্যক্তিত্বৰ সৈতে কৰা অনুষ্ঠানসমূহ আজিও বিশ্বৰ বাবে আশ্চৰ্যৰ কাৰণ। এই সহযোগিতাৰ জৰিয়তে তেওঁ সাংস্কৃতিক বিভিন্নতাক সেতুবন্ধন কৰি ভাৰতীয় শাস্ত্ৰীয় সংগীতক আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজলৈ লৈ যোৱাৰ বাবে কৰা কষ্ট অনস্বীকাৰ্য।
মানকোম্বু চাম্বাশিৱন স্বামীনাথন
“ভাৰতত সেউজ বিপ্লৱৰ পিতৃ” বুলি আখ্যা দিয়া এম.এছ স্বামীনাথন এজন অতি নমস্য ভাৰতীয়। যিজন ভাৰতীয়ই ভাৰতক খাদ্যৰ অভাৱত ভুগি থকা এখন ৰাষ্ট্ৰৰ পৰা খাদ্য শস্যত স্বাৱলম্বীতা লাভ কৰা ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিছিল। কৃষি প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত স্বামীনাথনে কৰা বহনক্ষম কৃষিৰ পোষকতাই ভাৰতক ১৯৬০ আৰু ১৯৭০ৰ দশকত খাদ্যৰ অভাৱৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত সহায় কৰিছিল।
স্বামীনাথনৰ প্ৰভাৱ কৃষি উদ্ভাৱনৰ বাহিৰেও বহনক্ষম কৃষি পদ্ধতি, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰটো উল্লেখযোগ্য। ১৯৬০ চনৰ পৰা আৰম্ভ হোৱা সেউজ বিপ্লৱে ভাৰতত উচ্চ উৎপাদনক্ষম জাতৰ শস্য, আধুনিক জলসিঞ্চন কৌশল, উন্নত কৃষি পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। সেউজ বিপ্লৱে গ্ৰাম্য অঞ্চলৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো সহায় কৰিছিল, কৃষকৰ আয় বৃদ্ধি কৰিছিল আৰু কৃষি উদ্যোগৰ সম্প্ৰসাৰণত অৰিহণা যোগাইছিল। কিন্তু সেউজ বিপ্লৱে খাদ্য সুৰক্ষা উন্নত কৰিলেও আৰু লাখ লাখ লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিলেও পৰিৱেশৰ অৱক্ষয়, ভূ- গৰ্ভত পানীৰ অভাৱ, কৃষকসকলৰ মাজত বৈষম্যৰ দৰে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। তথাপিও আধুনিক ভাৰত নিৰ্মাণত স্বামীনাথনৰ ভূমিকা প্ৰতিজন ভাৰতীয়ই সুঁৱৰিব।