NORTHEAST NOW (Assamese)

বিশ্বনাথৰ যুৱকৰ প্ৰসংশনীয় পদক্ষেপ; বিশেষভাৱে সক্ষমৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

November 15, 2018 7:16 am · কাজি জেইদুল ইছলাম
ফটো : নৰ্থ-ইষ্ট নাও

পণ্ডিত জৱাহৰলাল নেহৰুৰ ১২৯ সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশ্বনাথ চাৰিআলিৰ কেইজনমান সচেতন যুৱকে নতুন চিন্তাধাৰাৰে আগবাঢ়ি আহি সমাজত সদাই অৱহেলিত হৈ অহা কিছু ছাত্ৰ-ছাত্ৰীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

শিৱম সাগৰ কাশ্যপ, সৌৰভজ্যোতি বৰা, ভূচিত্ৰ দাধৰা, দাদুল দাস, জয়ন্ত দাস, নিকু বৰা আৰু ভাস্কৰ জ্যোতি দাস নামৰ যুৱক কেইজনে বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীস্থিত বিকলাংগ ছাত্ৰ-ছাত্ৰীৰ বিশেষ বিদ্যালয় আৰু বিশেষভাৱে সক্ষম শিশুৰ এক বিশেষ অনুষ্ঠান ৰেঙনিৰ আবাসগৃহৰ শিশু সকলৰ মাজত খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰা দেখা যায়।

উল্লেখযোগ্য যে এই যুৱক কেইজনে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে নিজৰ সাঁচতীয়া ধন খৰছ কৰি বিগত পাঁচ বছৰ ধৰি এনেদৰে শিশু দিৱসৰ দিনাই হওঁক বা অন্য দিনতে হওঁক ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষাৰ সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে।

বৰ্তমান সময়ত যুৱ উচ্ছৃংখলতাৰ বাতৰিয়ে শিৰোনামা দখল কৰি অহাৰ লগতে এচাম নৱ প্ৰজন্ম বিভিন্ন নিচাযুক্ত বস্তু সেৱন কৰি নিজে বিপথে পৰিচালিত হোৱাৰ উপৰি অসামাজিক কামত লিপ্ত হৈ সমাজত অশান্তি সৃষ্টি কৰাৰ সময়ত এই যুৱক কেইজনৰ এনে চিন্তাধাৰা তথা পদক্ষেপক সচেতন ৰাইজে আদৰণি জনাইছে।

Related News