বঙাইগাঁৱৰ বিদ্যাপুৰত নিদাৰুণ ঘটনা: পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ

বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বিদ্যাপুৰ বজাৰত মঙলবাৰৰ পুৱতি নিশা সংঘটিত হয় এক হত্যাকাণ্ড ৷

নিজ সন্তানেই মাতৃক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই বৃহত্তৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

পুত্ৰ মনজিৎ বৰ্মনৰ হাতত প্ৰাণ দিয়া দুৰ্ভগীয়া মাতৃগৰাকী হ’ল প্ৰাণেশ্বৰী বৰ্মন (৫৫) ৷ স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা মনজিৎ বৰ্মন মানসিক ৰোগত আক্ৰান্ত হৈ আছিল৷

মানসিক ৰোগত আক্ৰান্ত মনজিৎ বৰ্মনে মঙলবাৰৰ পুৱতি নিশা তেওঁৰ মাতৃ প্ৰাণেশ্বৰী বৰ্মনক চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে ৷

এই ঘটনা সংঘটিত হোৱাৰ পিছত এলেকাটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷

ঘটনা সন্দৰ্ভত বিদ্যাপুৰ আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

আৰক্ষীয়ে মাতৃ হত্যাকাৰী মনজিৎ বৰ্মনক আটক কৰে যদিও মানসিক ৰোগত আক্ৰান্ত হৈ থকা বাবে তেজপুৰৰ মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

পুত্ৰৰ দ্বাৰা মাতৃহত্যাৰ ঘটনাই বৃহত্তৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে আজি পুৱা বহু সময় ধৰি মৃতদেহটো চোতালত পৰি থকাৰ লগতে ওচৰত বিভিন্ন সামগ্ৰী পৰি আছিল৷

পিছত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।