NORTHEAST NOW (Assamese)

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

June 8, 2025 6:37 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰাখণ্ডৰ চামেলীত হৃদয়বিদাৰক হত্যাকাণ্ডৰ ঘটনাৰ প্ৰায় তিনিবছৰীয়া শুনানিৰ অন্তত আদালতে পুত্ৰক মাতৃ হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ প্ৰদান কৰিছে।

এই শোকাবহ ঘটনা ২০১৯ চনৰ ২৭ জানুৱাৰীৰ নিশা সংঘটিত হৈছিল। আৰক্ষী আৰু আদালতৰ সূত্ৰ অনুসৰি, কালাম ৰাম নামৰ কনিষ্ঠ পুত্ৰজনে নিজৰ মাতৃ চম্পা দেৱীক ডাঠ লাঠিৰে মূৰত আঘাট কৰি নৃশংসভাৱে হত্যা কৰে। মাতৃগৰাকীয়ে কালামৰ গৰ্ভৱতী পত্নীৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজনীয় টকা  দিবলৈ অস্বীকাৰ কৰা বাবে হত্যা কৰে।

ঘটনাৰ প্ৰধান সাক্ষী আছিল কালামৰ ভনীয়েক উৰ্মিলা। তেওঁ আদালতত সাক্ষ্য দিয়ে যে হত্যাৰ নিশা ঘৰত মাত্ৰ মাক-পুতেকহে উপস্থিত আছিল। উৰ্মিলাই কৈছিল যে ৰাতিপুৱা চিঞৰৰ শব্দ শুনি ভয়তে দুৱাৰ বন্ধ কৰি ৰাখিছিল আৰু পুৱা মাতৃক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত দেখিছিল। চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও, চিকিৎসকে মৃত ঘোষণা কৰে।

ঘটনাৰ তদন্তত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তেজেৰে তিতি থকা এডাল লাঠি উদ্ধাৰ কৰে, যাক হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ হিচাপে চিহ্নিত কৰি আদালতে প্ৰমাণ স্বৰূপ গ্ৰহণ কৰে।

তিনিবছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে অভিযুক্ত কালাম ৰামক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়ে। আদালতে এই হত্যাকাণ্ডক “নৃশংসতা আৰু সামাজিক মূল্যবোধৰ গভীৰ পতনৰ এক জ্বলন্ত উদাহৰণ” বুলি আখ্যা দিয়ে।

Related News