NORTHEAST NOW (Assamese)

সুদূৰ ৰাজস্থানৰ পৰা কোৰবানিৰ বাবে ছাগলী আনিলে সোনাইৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰে

August 22, 2018 3:36 pm · অপর্ণা লস্কৰ

বিজোপি দলৰ টিকটত ২০১৬ৰ নিৰ্বাচনত বিধান সভালৈ নিৰ্বাচিত হোৱা শিলচৰৰ সোনাই সমষ্টিৰ বৰ্তমানৰ বিধায়ক আমিনুল হক লস্কৰে সুদুৰ ৰাজস্থানৰ পৰা দুটা ছাগলী ক্ৰয় কৰি আনিছে ঈদ-উল-জোহা উপলক্ষে কোৰবানি কৰাৰ উদ্দেশ্যে।  এই ছাগলী দুটা স্থলপথেৰে শিলচৰলৈ লৈ অনাত প্ৰয়োজন হৈছিল ১৫ দিন সময়ৰ।

আইনুল হকে কৈছে যে এটা পৰিৱৰ্তন বিচাৰি তেওঁ এইবাৰ কোৰবানিৰ বাবে ছাগলী দুটা সুদুৰ ৰাজস্থানৰ পৰা অনাটো স্থিৰ কৰিছিল। ইছলাম ধৰ্মাৱলম্বী লোকৰ ভক্তি আৰু ত্যাগৰ এই পৱিত্ৰ দিনটোত কোৰবানি কৰাৰ বাবে লৈ অহা ছাগলী দুটাৰ ওজন হৈছে যথাক্ৰমে ৫৬ কেজি আৰু ৮৬ কেজি।  আজি নিশাৰ বকৰীদৰ ভোজৰ বাবে এই ছাগলী দুটাৰ মাংসৰ পৰা সুস্বাদু ব্যঞ্জন ৰন্ধা হ’ব।

আজি ঈদ-উল-জোহা উপলক্ষে একাপ চাহৰ বাবে নৰ্থ-ইষ্ট নাওৰ এই প্ৰতিৱেদকক নিমন্ত্ৰণ কৰি এমোকোৰা হাঁহিৰে বিধায়কগৰাকীয়ে কৈছে যে তেওঁ এই ছাগলী দুটা কোৰবানি কৰাৰ উদ্দেশ্যে আনিছে।

এই প্ৰতিবেদকৰ আগত পাছত তেওঁ কয়, ‘’একঘেঁয়ামীৰ পৰা আঁতৰি অহাৰ বাবে মই এই ডাঙৰ জাতৰ ছাগলী দুটা সুদূৰ ৰাজস্থানৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিলোঁ। প্ৰায় ১৫ দিন ধৰি এই ছাগলী দুটা ৰাজস্থানৰ পৰা শিলচৰলৈ অনাৰ বাবত মই ছাগলী দুটাৰ দামকে ধৰি মুঠ ৬৬,০০০ টকা ব্যয় কৰিছোঁ।”

তেওঁ আৰু কয়, ‘’বকৰীদ বছৰত এবাৰ আহে, সেয়েহে মই এই ৰিস্কটো লৈছিলোঁ। ছাগলী দুটাৰ মূল্যতকৈও ইহঁতৰ পৰিবহণ ব্যয় অধিক আছিল। এতিয়া অতিথিসকলৰ অপ্যায়নৰ বাবে আয়োজন কৰা  বকৰীদৰ নিশাৰ ভোজৰ বাবে মই আতুৰ হৈ পৰিছোঁ।

Related News