NORTHEAST NOW (Assamese)

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে সুখবৰ : সোণাপুৰত স্থাপন হ’ব আধুনিক ক্ৰীড়া প্ৰকল্প

December 19, 2018 2:39 pm · এন ই নাও নিউজ

গুৱাহাটীত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈ যোৱাৰ সুদীৰ্ঘ ১২ বছৰৰ অন্তত সোণাপুৰস্থিত টেপেছিয়াৰ আধুনিক ক্ৰীড়া প্ৰকল্পটোৰ পুনৰ নিৰ্মান কাৰ্য আৰম্ভ হৈছে। সেই সময়ত অৰ্থাৎ ২০০৭ চনত জনদিয়েক উচ্চপদস্থ বিষয়াৰ মইমাতলি তথা সোপাঢিলা মনোভাৱৰ কাৰণে প্ৰকল্পটোৰ বাবে অধিগ্ৰহণ কৰা মাটিৰ কিছু খেলি মেলি হোৱাত নিৰ্মাণ কাৰ্য স্তব্ধ হৈ পৰিছিল।

পৰৱৰ্তী সময়ত সেই মাটিখিনি পুনৰ চৰকাৰীভাৱে কব্জাত আনিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল যদিও অৱশেষত বৰ্তমানৰ মুখ্য মন্ত্ৰী সোণোৱালৰ হস্তক্ষেপত অধিগ্ৰহণৰ বাহিৰত যোৱা ১২ বিঘা মাটি এল এন আই পি ইয়ে সীমাৰ ভিতৰত আনিবলৈ সক্ষম হয়। আৰু ইয়াৰ লগে লগে পূৰ্বৰ পৰিকল্পনা অনুসৰিয়ে আৰ্চাৰী ৰেঞ্জৰ মাটিখিনিক সাঙুৰি এথলেটিক ট্ৰেক আৰু আৰ্চাৰী একাডেমি নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে।

নতুনকৈ নিৰ্মাণ কাৰ্য চলি থকা প্ৰকল্পটোৰ বিষয়ে এল এন আই পি ইৰ গুৱাহাটী কেন্দ্ৰৰ ডীন ড০ বিশ্বজিৎ বসুমতাৰীৰ পৰা জানিব বিচৰাত তেওঁ কয় যে প্ৰথমতে ৪০০ মিটাৰ দৈৰ্ঘ্যৰ এথলেটিক ট্ৰেকটো নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। তাৰ পিছত নতুন বছৰৰ আৰম্ভণিৰ পৰা আৰ্চাৰী ৰেঞ্জত মাটি লেভেলিঙৰ কাম আৰম্ভ হ’ব।

উল্লেখ্য যে ইয়াত সৰ্বভাৰতীয় পৰ্যায়ত বাছনি হৈ অহা ২০ জন আৰ্চাৰে থকা-খোৱাৰ লগতে ধনু খেলৰ উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। বসুমতাৰীৰ মতে প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বহু প্ৰতিভাৱান এথলীট আৰু ধনুৰ্বিদে আগুৱাই যোৱাৰ সুযোগ পাব।

আনহাতে এল এন আই পি ইত বহু খেল আয়োজিত হ’ল যদিও ৰাজ্য চৰকাৰৰ পৰা পাবলগীয়া ৩-৪ লাখ টকা আজি পৰ্যন্ত নাপালে বুলিও আক্ষেপ প্ৰকাশ কৰে ড০ বসুমতাৰীয়ে।

উল্লেখ্য যে এল এন আই পি ইত স্প’ৰ্টছ হোষ্টেল (ল’ৰা-ছোৱালীৰ পৃথকে পৃথকে), অতিথিশালা, ছুইমিং পুল, ভলীবল ক’ৰ্ট ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে।

Related News