কংগ্ৰেছ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীক বৃহস্পতিবাৰে পুৱা পেটৰ সমস্যাৰ বাবে গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিষয়টো সন্দৰ্ভত চিকিৎসালয়খনে কয় যে কোনো ডাঙৰ চিন্তাৰ কথা নাই।
শুকুৰবাৰে সন্ধিয়ালৈকে ছোনিয়া গান্ধীক ডিচচাৰ্জ দিয়াৰ সম্ভাৱনা আছে বুলি চিকিৎসালয়খনে প্ৰকাশ কৰিছে।
ছোনিয়া গান্ধী গেষ্ট্ৰ’এণ্টেৰ’লজী বিশেষজ্ঞ ডাঃ সমীৰণ নুণ্ডীৰ তত্বাৱধানত আছে।
উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে যোৱা বছৰৰ ডিচেম্বৰ মাহত ৭৮ বছৰ সম্পূৰ্ণ কৰিছিল।
যোৱা সপ্তাহত ১৩ ফেব্ৰুৱাৰীত সংসদৰ বাজেট অধিৱেশনৰ সময়ত ৰাজ্যসভাত দেখা পোৱা গৈছিল ছোনিয়া গান্ধীৰ শেষৰটো ৰাজহুৱা উপস্থিতি।