NORTHEAST NOW (Assamese)

বৈষম্যমূলক! কেন্দ্ৰীয় চৰকাৰৰ নতুন ভেকচিন নীতিক সমালোচনা ছোনিয়া গান্ধী, মমতা বেনাৰ্জীৰ

April 22, 2021 5:44 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ক’ভিড ভেকচিনৰ নতুন নীতি সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

সোমবাৰে দুয়োগৰাকী বিৰোধী নেত্ৰীয়ে কেন্দ্ৰ চৰকাৰক সমগ্ৰ দেশজুৰি ক’ভিড-১৯ ভেকচিন বিশ্বজনীন মূল্যত (universal pricing) উপলব্ধ কৰিবলৈও দাবী জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰা এখন পত্ৰত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে কেন্দ্ৰই গ্ৰহণ কৰা নতুন ভেকচিনেচন নীতিৰ বিষয়ে নিজৰ স্থিতি অৱগত কৰে।

কেন্দ্ৰৰ নতুন নীতিক একপক্ষীয় আৰু বৈষম্যমূলক হিচাপে অভিহিত কৰি তেওঁ কয় যে ই মহামাৰিয়ে জ্বলা-ক’লা দেখুওৱা সাধাৰণ লোকসকলৰ সমস্যাক অধিক বৃদ্ধি কৰিব।

দুই পৃষ্ঠাজোৰা পত্ৰখনত তেওঁ কয় যে চৰকাৰে যোৱা বৰ্ষৰ অভিজ্ঞতাৰ পৰা একো শিক্ষালাভ নকৰিলে।

তেওঁ অভিযোগ কৰে যে ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰৰ লোকসকলক ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে ল’বলগা দায়িত্বক নতুন ভেকচিনেচন নীতিৰ দ্বাৰা উলাই কৰি চলিছে।

”এয়া আমাৰ যুৱপ্ৰজন্মৰ প্ৰতি চৰকাৰে ল’বলগা দায়িত্বৰ চূড়ান্ত অৱজ্ঞা।”- ছোনিয়াই কয়।

আনহাতে, ছেৰাম ইনষ্টিউট অৱ ইণ্ডিয়াই ( Serum Institute of India) প্ৰস্তুত কৰা ক’ভিড-১৯ ভেকচিনৰ মূল্যৰ ভিন্নতা সম্পৰ্কতো তেওঁ প্ৰশ্ন উত্থাপন কৰে।

তেওঁ দাবী কৰে যে সকলো ভেকচিনৰ মূল্যসমূহ একে হ’ব লাগে।

উল্লেখযোগ্য যে ছেৰাম ইনষ্টিউট অৱ ইণ্ডিয়াই ভেকচিনসমূহৰ মূল্য সম্পৰ্কত ভিন্ন ভিন্ন নিৰীখ দাঙি ধৰিছিল।

ইনষ্টিউটটোৱে ঘোষণা কৰামতে, কেন্দ্ৰীয় চৰকাৰৰ ভেকচিনসমূহৰ মূল্য ১৫০ টকা, ৰাজ্যিক চৰকাৰৰ ভেকচিনসমূহৰ মূল্য ৪০০ টকা হোৱাৰ লগতে ব্যক্তিগত চিকিৎসালয়ৰ বাবে ৬০০ টকা ধাৰ্য কৰা হৈছিল।

ছোনিয়া গান্ধীয়ে কয় যে ইয়াৰ দ্বাৰা ৰাজ্য চৰকাৰসমূহে আৰ্থিকভাৱে লোকচানৰ সম্মুখিন হ’ব।

তেওঁ অভিযোগ কৰে যে এই পীড়াদায়ক সময়ছোৱাত চৰকাৰে কোম্পানীসমূহৰ লাভৰ কথাহে চিন্তা কৰিছে।

পত্ৰখনৰ শেষত প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ ভেকচিন নীতিৰ পুনৰ পৰ্যবেক্ষণ কৰিবলৈ দাবী জনায়।

আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও বৃহস্পতিবাৰে কেন্দ্ৰৰ ক’ভিড ভেকচিন নীতিক সমালোচনা কৰিছে।

এটা টুইটযোগে তেওঁ কয় যে প্ৰতিজন ভাৰতীয়ই বয়স, জাত, বৰ্ণ, স্থান নিৰ্বিশেষে বিনামূলীয়া ভেকচিন লাভ কৰাটো প্ৰয়োজন।

ক’ভিড ভেকচিনৰ মূল্য সম্পৰ্কত মমতাই কয় যে কেন্দ্ৰ অথবা ৰাজ্য, যিয়েই নহওক, সকলোৰে বাবে ভেকচিনৰ মূল্য একে হ’ব লাগে।

ভাৰতীয় জনতা পাৰ্টিক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ মমতাই কয় যে বিজেপিৰ নেতাসকলে এখন দেশ, এটা দল আৰু এজন নেতাৰ কথা চিঞৰে কিন্তু মানুহৰ জীৱন বচাবৰ সময়ত ভেকচিনৰ এটা মূল্য তেওঁলোকে ধাৰ্য কৰিব নোৱাৰে।

Related News