NORTHEAST NOW (Assamese)

মাতৃহাৰা হ’ল ছোনিয়া গান্ধী, ইটালীত দেহাৱসান পাওলা মাইনোৰ

August 31, 2022 7:26 pm · এন ই নাও নিউজ,গুৱাহাটী

কংগ্ৰেছে বেয়া সময়ৰ মাজেৰে দিন পাৰ কৰাৰ সময়তে আন এক বেয়া খবৰে বহুতকে দুঃখিত কৰি তুলিছে।কংগ্ৰেছৰ অন্তৰ্ৱতীকালী সভানেত্ৰী ছোনিয়া গান্ধীৰ মাতৃ বিয়োগৰ খবৰে বহুতকে ব্যথিত কৰি তোলা পৰিলক্ষিত হৈছে। ছোনিয়াৰ মাতৃ পাওলা মাইনোৰ ২৭ আগষ্টতে ইটালীত মৃত্যু হোৱাৰ খবৰ আজিহে ৰাজহুৱা কৰা হয়। কংগ্ৰেছে ছোনিয়া গান্ধীৰ মাতৃৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইটত কৈছে “শ্ৰীমতী ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ মৃত্যু হৈছে। ২৭ আগষ্টত ইটালীত তেওঁৰ নিজা বাসগৃহত তেওঁৰ মৃত্যু হয়। তেওঁৰ অন্তিম সংস্কাৰ কালি সম্পন্ন কৰা হয়। তেোণ লগতে কয় ” ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ মৃত্যু কংগ্ৰেছ পৰিয়ালৰ এগৰাকী সদস্যৰ মৃত্যুৰ দৰে। আমি গভীৰভাৱে দুঃখিত। মই তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰো। কংগ্ৰেছে শোকসন্তপ্ত পৰিয়ালৰ কাষত থিয় দিছে। “

উল্লেখ্য ছোনিয়া গান্ধীও কেইদিনমান আগতে কৰোনাত আক্ৰান্ত হৈছিল। আনকি আৰোগ্য হোৱাৰ পাছতো, তেওঁৰ বহুতো শাৰীৰিক সমস্যাই দেখা দিছিল। দলটোৰ নিৰন্তৰ ভাঙনৰ মাজতে তেওঁৰ শাৰীৰিক অৱস্থাৰ পুনৰ অৱনতি ঘটাত পুত্ৰ গতিকে ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকাৰ সৈতে তেওঁ চিকিৎসাৰ বাবে বিদেশলৈ গৈছে। জানিব পৰা মতে তেওঁলোক এতিয়াও বিদেশতে আছে।

ইয়াৰ মাজতে ছোনিয়া মাতৃৰ বিয়োগে গান্ধী পৰিয়ালৰ ওপৰত পুনৰ আন এক আঘাত দিলে। ইপিনে শাৰীৰিক অসুস্থতাৰ বাবে ছোনিয়াই পুনৰ দলৰ শাসনভাৰ হাতত ল’বলৈও অক্ষম। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি কংগ্ৰেছে ইতিমধ্যে দলটোৰ নেতা বাছনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

১৭ অক্টোবৰত দলটোৰ সভাপতি নিৰ্বাচিত কৰিবলৈ নিৰ্বাচন অনুষ্ঠিত হ’ব। অশোক গেহলটৰ পৰা শশী থাৰুৰলৈকে বহুজনে কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিব পাৰে বুলি কথা ওলাইছে। অৱশ্যে, বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছৰ সভাপতি যিয়েই নহওঁক, দলটোৰ শাসনভাৰ সম্ভৱতঃ গান্ধী পৰিয়ালৰ হাততে কুক্ষিগত হৈ থাকিব।

Related News